ইছলাম ত্যাগ কৰি সনাতনী হিন্দু ধৰ্ম গ্ৰহণ কৰা ছিয়া ৱাকফ বোৰ্ডৰ প্ৰাক্তন চেয়াৰমেন ৱাছিম ৰিজৱী (Wasim Rizvi) ওৰফে জিতেন্দ্ৰ নাৰায়ণ সিং ত্যাগী (Jitendra Narayan Singh Tyagi) গুৱাহাটীত ৷ UNITED TRUST OF ASSAMএ মাছখোৱা সাংস্কৃতিক প্ৰকল্পত আয়োজন কৰা এক অনুষ্ঠানত উপস্থিত আছিল ৱাছিম ৰিজৱী ৷ অনুষ্ঠানৰ পিছতে কেইবাটাও বিষয়ত মন্তব্য প্ৰদান কৰে ৱাছিম ৰিজৱী ওৰফে জিতেন্দ্ৰ নাৰায়ণ সিং ত্যাগীয়ে ৷
"অচিৰেই দেশৰ মাদ্ৰাছা (Madrassa)সমূহ বন্ধ কৰি দিব লাগে ৷ অসমে যি কাম কৰিছে সেয়া সমগ্ৰ দেশতে হ'ব লাগে ৷ ভাৰতৰ অধিকাংশ মছজিদত উগ্ৰপন্থাৰ প্ৰশিক্ষণ চলে ৷ উগ্ৰপন্থাৰ জন্ম দিয়ে দেশৰ অধিকাংশ মাদ্ৰাছাই ৷ হিন্দু একত্ৰিত হোৱাৰ সময় আহি পৰিছে ৷ মাদ্ৰাছা বন্ধ নোহোৱালৈকে ভাৰতত আতংকবাদ নকমিব ৷" গুৱাহাটীত এইদৰে মন্তব্য কৰিলে ৱাছিম ৰিজৱীয়ে। কিয় ইছলাম ত্যাগ কৰিলে ৱাছিম ৰিজৱীয়ে?
"মই ইছলাম ত্যাগ কৰি সুখী ৷ মই এতিয়া সনাতনী হিন্দু হিচাপে গৌৰৱবোধ কৰোঁ ৷ হিন্দুৰ প্ৰেম ত্যাগ মানৱতাবোধৰ বাবে মই হিন্দু হ'লো ৷" এইদৰে ক'লে ৱাছিম ৰিজৱী ওৰফে জিতেন্দ্ৰ নাৰায়ণ সিং ত্যাগীয়ে।
মা কামাখ্যা (Kamakhya Temple)ক লৈ AIUDFৰ বিধায়ক আমিনুল ইছলামে কৰা মন্তব্যৰো প্ৰতিক্ৰিয়া প্ৰকাশ কৰিলে ৱাছিম ৰিজৱীয়ে কয়, "ঔৰংজেৱে কামাখ্যাৰ বাবে ভূমি দিয়াৰ কথা হাস্যকৰ ৷ ঔৰংজেৱ জেহাদী আছিল, ধ্বংস কৰিছিল সনাতনী হিন্দুৰ মঠ-মন্দিৰ ৷ ৰাক্ষসৰূপী ঔৰংজেৱে পবিত্ৰ মা কামাখ্যালৈ ভূমি দান কৰা বুলি চলোৱা এয়া ইছলামিক এজেণ্ডা ৷ মই আজি পবিত্ৰ মা কামাখ্যাৰ আশিস লৈ ধন্য ৷"
আছাদুদ্দিন ওৱেচিক লৈও কটু মন্তব্য ৱাছিম ৰিজৱীৰ
"আছাদুদ্দিন ওৱেচিয়ে এদিন ভাৰতখন ধ্বংস কৰিব ৷ মোছ কাটি থুতৰিত দাড়ি ৰখা তেওঁ কেনে মানুহ? মোৰ বিৰুদ্ধে যিমান গোচৰ দিয়ে দি থাকক ৷ মই এতিয়া এটা মিছনত ব্যস্ত ৷ সকলো হিন্দুক এক কৰিবই লাগিব ৷"
মাছখোৱা সাংস্কৃতিক প্ৰকল্পত ইউনাইটেড ট্ৰাষ্ট অৱ আছামে আয়োজিত কৰা কনক্লেভত ভাগ ল'লে জিতেন্দ্ৰ সিং ত্যাগীৰ লগতে ৰাজ্যপাল প্ৰফেছৰ জগদীশ মুখী আৰু তিনি তালাক, ধাৰা ৩৭০, ছোৱালীৰ বিবাহৰ বয়স ২১ বছৰলৈ কৰা, অনুপ্ৰৱেশ আদিকে ধৰি বিভিন্ন বিষয়ত উচ্চতম ন্যায়ালয়ত PIL কৰা অধিবক্তা অশ্বিনী উপাধ্যায়ো উপস্থিত আছিল ৷