আজি স্বদেশত আহি উপস্থিত হ'ব লাভলীনা বৰগোহাঁই। নিজ কন্যাক আদৰিবলৈ দিল্লীলৈ উৰা মাৰিলে পিতৃ টিকেন বৰগোহাঁই। টকিঅ’ অলিম্পিকত ভাৰতৰ হৈ প্ৰতিনিধিত্ব কৰি ব্ৰঞ্জৰ পদক লাভ কৰি অসমৰ নাম উজলোৱা তথা অলিম্পিকত অসমৰ প্ৰথমগৰাকী পদক বিজয়ী লাভলীনাক আদৰিবলৈ উৎসুকতাৰে বাট চাই আছে সকলোৱে। এই উৎকণ্ঠাৰ অন্ত পেলাই আজি স্বদেশত উপস্থিত হ'ব লাভলীনা বৰগোহাঁই।
টকিঅ’ৰ পৰা আজি বিমানযোগে আহি দিল্লীত উপস্থিত হ’ব লাভলীনা। দিল্লীলৈ নিজ কন্যাক আদৰিবলৈ বৰঝাৰ বিমামবন্দৰৰ পৰা ৰাওনা হ'ল পিতৃ টিকেন বৰগোহাঁইসহ পিতৃৰ বন্ধুবৰ্গ আৰু ওচৰ চুবুৰীয়া। বৰঝাৰ বিমানবন্দৰৰ পৰা ইণ্ডিগ' বিমানযোগে ১১:১০ত দিল্লী উৰা মাৰে সকলোৱে।
দিল্লীলৈ যোৱাৰ আগতে পিতৃ টিকেন বৰগোহাঁইয়ে সদৰি কৰিলে লাভলীনাৰ সময়সূচী। আজি ৫ বজাত দিল্লী পাব লাভলীনা বৰগোহাঁয়ে। আজি আৰু কাইলৈ দিল্লীতে ক্ষন্তেক জিৰণী লোৱাৰ পিছত পৰহিলৈ অসম পাব পাৰে লাভলীনা বৰগোহাঁই। অসমতে ২ দিন থকাৰ পিছত প্ৰধানমন্ত্ৰীয়ে আমন্ত্ৰণ জনোৱা ১৫ আগষ্টৰ কাৰ্যসূচীলৈ বুলি পুনৰ দিল্লীলৈ ৰাওনা হ'ব লাভলীনা।
Published by: Sanjay Kumar Das
FIRST PUBLISHED : August 09, 2021, 13:20 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।