টকিঅ' অলিম্পিক (Tokyo Olympics 2020) গেমছত ব্ৰঞ্জৰ পদকেৰে দেশবাসীক গৌৰৱান্নিত কৰিছে অসমৰ লাভলীনা বৰগোঁহাই (Lovlina Borgohain)য়ে। সফল খেলুৱৈ লাভলীনা বৰগোহাইয়ে ব্ৰঞ্জৰ পদকেৰে সোমবাৰে নতুন দিল্লীত আহি উপস্থিত হয়। নতুন দিল্লীত দুদিন জিৰণি লৈ ১২ আগষ্টত পুৱা গুৱাহাটীত আহি উপস্থিত হ'ব অলিম্পিয়ান বক্সাৰগৰাকী। এদিনৰ বাবে স্বগৃহলৈ আহিব লাভলীনা বৰগোঁহাই।
লাভলীনাক আদৰিবলৈ সম্পূৰ্ণ ৰূপে সাজু হৈ আছে ৰাজ্য চৰকাৰ। ১২ আগষ্টৰ পুৱা বৰঝাৰ বিমান বন্দৰত ৰেড কাৰ্পেট পাৰি লাভলীনাক আদৰিব ৰাজ্য চৰকাৰৰ প্ৰতিনিধিয়ে। ক'ভিড প্ৰ'ট'কল অনুযায়ী বিমান বন্দৰৰ পৰা দিশপুৰলৈ শোভাযাত্ৰা কৰি লৈ আনিব ব্ৰঞ্জৰ পদক বিজয়ী খেলুৱৈ গৰকীক। একেদিনা বিয়লি ৩ বজাত লাভলীনা বৰগোহাঁইক শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত সম্বৰ্থনা জনাব চৰকাৰে। এই কথা সংবাদ মাধ্যমক জনাই ক্ৰীড়া মন্ত্ৰী বিমল বৰা (Minister Bimal Bora)ই।
ক্ৰীড়া মন্ত্ৰী বিমল বৰাই লগতে কয় যে টকিঅ' অলিম্পিকৰ সফল খেলুৱৈগৰাকীৰ মনৰ পছন্দ মতে ৰাজ্য চৰকাৰে তেওঁক দিব কৰ্মসংস্থান। এদিনীয়া ভ্ৰমণসূচীলৈ গুৱাহাটীত উপস্থিত হ'বলগীয়া লাভলীনা বৰগোহাঁইয়ে শুকুৰবাৰে বিয়লি পুনৰ নতুন দিল্লিলৈ উৰা মাৰিব। নতুন দিল্লী লালকিল্লাৰ স্বাধীনতা দিৱস (Independence Day)ত প্ৰধানমন্ত্ৰীৰ অনুষ্ঠানত উপস্থিত থাকিব লাভলীনা বৰগোহাঁই।
Published by: Manjumoni Borah
FIRST PUBLISHED : August 09, 2021, 16:55 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।