
নিৰ্বাচনলৈ মাজত এটা বছৰ বাকী থকা অৱস্থাত শাসকীয় বিজেপিয়ে লোকসভা নিৰ্বাচনৰ জৰিয়তে পুনৰবাৰ শাসনৰ গাদী দখল কৰাৰ ভৱিষ্যতবাণী প্ৰকাশ কৰিছে কালচক্ৰ পূৰ্ণাংগ পঞ্জিকাত।
নিৰ্বাচনলৈ মাজত এটা বছৰ বাকী থকা অৱস্থাত শাসকীয় বিজেপিয়ে লোকসভা নিৰ্বাচনৰ জৰিয়তে পুনৰবাৰ শাসনৰ গাদী দখল কৰাৰ ভৱিষ্যতবাণী প্ৰকাশ কৰিছে কালচক্ৰ পূৰ্ণাংগ পঞ্জিকাত।
২০২৪ ত দেশত লোকসভা নিৰ্বাচন।ইতিমধ্যে নিৰ্বাচনৰ বাবে কুচ-কাৱাজ আৰম্ভ কৰিছে শাসকীয় দল বিজেপি, বিৰোধী দল কংগ্ৰেছৰ লগতে আন আন আঞ্চলিক আৰু ৰাষ্ট্ৰীয় দলসমূহে।নিৰ্বাচনলৈ মাজত এটা বছৰ বাকী থকা অৱস্থাত শাসকীয় বিজেপিয়ে লোকসভা নিৰ্বাচনৰ জৰিয়তে পুনৰবাৰ শাসনৰ গাদী দখল কৰাৰ ভৱিষ্যতবাণী প্ৰকাশ কৰিছে কালচক্ৰ পূৰ্ণাংগ পঞ্জিকাত।মঙলবাৰে উন্মোচন কৰা পঞ্জীকাখনত উল্লেখ থকা অনুসৰি লোকসভা নিৰ্বাচনত অসমত বৃদ্ধি পাব বিজেপিৰ সপক্ষে ভোটাৰৰ সংখ্যা।
মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা আৰু কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ দেশৰ ৰাজনীতিত দীর্ঘদিনলৈ বলিষ্ঠভাৱে থকা থকাও ভৱিষ্যতবাণী কৰা হৈছে কালচক্ৰ পূৰ্ণাংগ পঞ্জিকাত। বিজেপিৰ কাৰণে ভাল দিন যদিও ভাৰত আৰু অসমৰ বাবে কিছু বেয়া ভৱিষ্যতবাণীও কৰা হৈছে কালচক্ৰ পঞ্জিকাখনত।
ভাৰতত সাম্প্ৰদায়িক সংঘৰ্ষ বৃদ্ধি, ভাৰতৰ বন্ধু ৰাষ্ট্ৰৰ সৈতে মনোমানিল্য,
লগতে চীন-পাকিস্তান একত্ৰিত হৈ ভাৰতক আক্ৰমণ কৰাৰ সম্ভাৱনা
কথা উল্লেখ আছে পঞ্জিকাখনত।ইয়াৰ বিপৰীতে অসমৰ ক্ষেত্ৰত বাৰিষাৰ বানপানীৰ ভয়ংকৰ ৰূপ আৰু চৰকাৰ আলফাৰ আলোচনাৰ সমাধান নোহোৱাৰ কথা জনাইছে কালচক্ৰ পঞ্জিকাত। অসমৰ ক্ষেত্ৰতঅসম প্ৰগতিৰ পথত আগবাঢ়ি যোৱাৰ কথা উল্লেখ কৰা হৈছে।গৃহ বিভাগৰ উদ্যম একেই থাকিব। মুখ্য মন্ত্ৰীয়ে নিজৰ গতি অব্যাহত ৰাখিব।কালচক্ৰ পূৰ্ণাংগ পঞ্জিকাৰ এই ভবিষ্যতবাণী সমূহ পিছলৈ কিমান দূৰলৈ সত্যতা দেখুৱাই সেয়া সময়তহে লক্ষণীয় হব।
Published by:Kokil Sarma
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|