মুখ্যপৃষ্ঠা »খবৰ »অসম »Lok Sabha Elections 2024: প্ৰাৰ্থীত্বকেন্দ্ৰীক যুঁজ আৰম্ভ, গুৱাহাটীত কোনে পাব বিজেপিৰ টিকট?

Lok Sabha Elections 2024: প্ৰাৰ্থীত্বকেন্দ্ৰীক যুঁজ আৰম্ভ, গুৱাহাটীত কোনে পাব বিজেপিৰ টিকট?

প্ৰাৰ্থীত্বকেন্দ্ৰীক যুঁজ আৰম্ভ, গুৱাহাটীত কোনে পাব বিজেপিৰ টিকট?

প্ৰাৰ্থীত্বকেন্দ্ৰীক যুঁজ আৰম্ভ, গুৱাহাটীত কোনে পাব বিজেপিৰ টিকট?

পুনৰ দলীয় টিকট লাভ কৰিবনে কুইন ওজাই? ভোটাৰৰ মনত পাকখাই থকা এই প্ৰশ্নটোকে সোধা হৈছিল সাংসদ ওজাক ৷ এই প্ৰশ্নৰ উত্তৰত কুইন ওজাই ক'লে, "আমাৰ টাৰ্গেট ১২+। আমাৰ লক্ষ্য নৰেন্দ্ৰ মোদীক পুনৰ প্ৰধান মন্ত্ৰী পতা।..."

  • Share this:
লোকসভা নিৰ্বাচনলৈ সাজু হৈছে শাসকীয় বিজেপি ৷ সোমবাৰে দলটোৰ ৩৯খন সাংগঠনিক জিলাতে অনুষ্ঠিত হ'ল কাৰ্যনিৰ্বাহক বৈঠক ৷ মহা জনসম্পৰ্ক অভিযান দলটোৱে কিদৰে কৰিব, ১৪টা লোকসভাত কিদৰে হ'ব ১৪খন জনসভা তাৰ ৰূপৰেখা প্ৰস্তুত কৰিছে দলটোৱে ৷ ইয়াৰ মাজতে গুৱাহাটী লোকসভা সমষ্টিত আৰম্ভ হৈছে প্ৰাৰ্থীত্বকেন্দ্ৰীক শীতল যুঁজ ৷

চৰ্চা আৰম্ভ হৈ গৈছে৷ গুৱাহাটীৰ ভোটাৰৰ মুখে মুখে এতিয়া কথাবোৰ ৷ প্ৰত্যাহ্বানৰ সন্মুখীন হ'ব সাংসদ কুইন ওজা ৷ পুনৰ দলীয় টিকট লাভ কৰিবনে কুইন ওজাই? ভোটাৰৰ মনত পাকখাই থকা এই প্ৰশ্নটোকে সোধা হৈছিল সাংসদ ওজাক ৷ এই প্ৰশ্নৰ উত্তৰত কুইন ওজাই ক'লে, "আমাৰ টাৰ্গেট ১২+। আমাৰ লক্ষ্য নৰেন্দ্ৰ মোদীক পুনৰ প্ৰধান মন্ত্ৰী পতা। দলটোত আমি কাৰ্যকৰ্তা, সদায় কাৰ্যকৰ্তা হৈ থাকি ভাল পাম ৷ বেলেগে টিকট বিচাৰিব পাৰে ৷  সকলোৰে অধিকাৰ আছে । বেলেগে টিকট পোৱাক লৈ মই আক্ষেপ কৰিমনে নকৰিম সেয়া সময়ে ক'ব । মই কি কৰিছোঁ সকলোৱে দেখিছে । ভাল কৰিছোঁ নে বেয়া কৰিছোঁ আপোনালোকেও চাব পাৰে ৷"

কুইন ওজাই কৈছে তেওঁ হেনো কাৰ্যকৰ্তা হৈ থাকিবলৈকে ভাল পাব ৷ অতি ধৈৰ্যৰে সাংসদ ওজাই নিজে কৰা কাম সাংবাদিকক চাবলৈ কৈ উত্তৰটো দিলেও আপাতত ধৰিব পাৰি সাংসদ কুইন ওজাৰ ভিতৰৰ জুইকুৰাক ৷ সাংসদ ওজাৰ এই অৱস্থাৰ মূলতে হ’ল জয়ন্ত দাস, আঙুৰলতা ডেকা, ৰমেন ডেকা, দিলীপ শইকীয়া আদি ৷ গুৱাহাটীৰ টিকট বিচাৰিব নে নাই সেই সন্দৰ্ভত আঙুৰলতা ডেকা নিশ্চুপ ৷

সংবাদমাধ্যমৰ পৰা কৌশলৰে আঁতৰি আছে আঙুৰলতা ডেকা ৷ লতাশিলত বিহুৰ সময়ৰ এটা অনুষ্ঠানৰ পিছৰে পৰা একপ্ৰকাৰ হাইলাইটত নাই আঙুৰলতা ডেকা ৷ অফ কেমেৰাত আঙুৰলতাই কৈ থৈছে চিকাৰৰ পূৰ্বে এখোজ পিছুৱাই আহে বাঘো ৷ হয়তো দলীয় কোনো নেতাৰ নিৰ্দেশতে নিশ্চুপ আঙুৰলতা ৷ কিন্তু নিশ্চুপ হৈ থাকিলেও আঙুৰলতা ডেকাই গুৱাহাটীৰ টিকট বিচাৰি যথাস্থানত চাপ ইতিমধ্যেই সৃষ্টি কৰিছে ৷

গুৱাহাটীৰ টিকটৰ দৌৰত নিজৰ নাম ৰাখিবলৈ তৎপৰতা অব্যাহত ৰাখিছে প্ৰাক্তন সাংসদ ৰমেন ডেকা, মঙলদৈৰ বৰ্তমানৰ সাংসদ তথা দলটোৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক দিলীপ শইকীয়াইও ৷ আনহাতে অসম বিজেপিৰ এগৰাকী অন্যতম পুৰণি কৰ্মী তথা একালৰ যুৱ মৰ্চাৰ সভাপতি জয়ন্ত দাসে বিচাৰিব গুৱাহাটী লোকসভাৰ টিকট ৷ গুৱাহাটীৰ টিকট হেনো জয়ন্ত দাসৰ অধিকাৰ ৷ দাসে মুকলিকৈ একো কোৱা নাই৷ কিন্তু নক'লেও আকাৰে ইংগিতেৰে বুজাই দিছে গুৱাহাটীৰ টিকট জয়ন্ত দাসক লাগিব, টিকট পোৱাটো অধিকাৰ ৷ বিজেপিয়ে ১৪টা লোকসভা সমষ্টিত ১৪খন জনসভা কৰিব, সমানে সমানে বিজেপিৰ চলিব মহা জনসম্পৰ্ক অভিযান ৷ সোমবাৰে বিজেপিৰ ৩৯খন জিলাতে অনুষ্ঠিত হ'ল কাৰ্যনিৰ্বাহক ৷ হেঙেৰাবাৰীত মহানগৰ জিলা বিজেপিৰ কাৰ্যনিৰ্বাহকত উপস্থিত আছিল এইসকল নেতা ৷ স্পষ্ট কথা, খেল আৰম্ভ হৈ গৈছে ৷ গুৱাহাটীৰ টিকটক লৈ আৰম্ভ হোৱা যুঁজখন ক্ৰমশ ৰোমাঞ্চকৰ হৈ গৈ আছে ৷

তোমাৰ চহৰৰ পৰা(গুৱাহাটী)

গুৱাহাটী

শেহতীয়া বাতৰি