গুৱাহাটীৰ পৰা অপহৃত হোৱা দুই শিশুক উদ্ধাৰ। বিহাৰত উদ্ধাৰ কৰা হৈছে শিশু দুটিক। বিহাৰৰ বৈশালীৰ মাহুৱাৰ পৰা উদ্ধাৰ অজিত কুমাৰ আৰু বিবেক কুমাৰক।
গুৱাহাটীৰ তেতেলীয়াৰ পৰা বৃহস্পতিবাৰে অপহৰণ কৰা হৈছিল শিশু দুটিক। ঘৰৰ সন্মুখত খেলি থকা অৱস্থাতে কৰিছিল অপহৰণ। এখন চাৰিচকীয়া বাহনত অহা দুৰ্বৃত্তই অপহৰণ কৰিছিল দুয়োকে।
বিবেক কুমাৰ আৰু অজিত কুমাৰৰ বয়স ক্ৰমে ৯ বছৰ আৰু ৪ বছৰ। শিশু দুটিৰ পিতৃৰ নাম মদন ৰয়। ৰাহুল আৰু চাজন নামৰ দুজন লোকে শিশু দুটিক অপহৰণ কৰা বুলি অভিযোগ কৰিছিল পিতৃ-মাতৃয়ে।
Published by: Sanjay Kumar Das
FIRST PUBLISHED : March 18, 2023, 08:20 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।