তেজপুৰ, ১ এপ্ৰিল: কৰ সংগ্ৰহৰ ক্ষেত্ৰত সৰ্বকালৰ অভিলেখ ভংগ কৰিলে কামৰূপ জিলা পৰিবহণ বিভাগে ৷ বিগত সময়ত কামৰূপ মহানগৰ জিলাত সংগ্ৰহ কৰা কৰৰ ক্ষেত্ৰত ২০২২-২৩ বৰ্ষত সংগ্ৰহ কৰা হ'ল সৰ্বোচ্চ কৰ ৷
শেহতীয়াকৈ যান-বাহন আইন উলংঘাকাৰীৰ বিৰুদ্ধে তৎপৰ হোৱা দেখা গৈছে পৰিবহণ বিভাগক ৷ অপাৰেশ্যন কুৰুক্ষেত্ৰৰ দৰে এক যুদ্ধংদেহী অভিযান আৰম্ভ কৰি কৰ-কাটল নিদিয়া যান-বাহনৰ গৰাকীৰ লগতে যান-বাহন আইন উলংঘা কৰা চালকক গুৰুতৰ শাস্তি প্ৰদানৰ ব্যৱস্থা কৰিছে ৰাজ্য চৰকাৰৰ পৰিবহন বিভাগে ৷ ফলত বৃদ্ধি পাইছে জৰিমনাৰ পৰিমাণ ৷
বিগত বিত্তীয় বৰ্ষৰ তুলনাত স্বাভাৱিকতেই অধিক কৰ সংগ্ৰহ কৰিবলৈ সক্ষম হৈছে পৰিবহন বিভাগে ৷ সেই অনুসৰি কৰ সংগ্ৰহৰ জৰিয়তে বকেয়া কৰ, জৰিমনা ইত্যাদিৰ পৰা কামৰূপ মহানগৰৰ পৰিবহণ বিভাগে নতুন অভিলেখ গঢ়িবলৈ সক্ষম হৈছে ৷ এই কথা জানিবলৈ দিয়ে পৰিবহণ বিভাগৰ সহকাৰী আয়ুক্ত তথা জিলা পৰিবহণ বিষয়া গৌতম দাস আৰু জিলা পৰিবহন বিষয়া(প্ৰৱৰ্তক) হিমাংশু দাসে ৷
লক্ষণীয়ভাৱে ২০২২-২৩ বিত্তীয় বৰ্ষত ৩৬৪,৯৪,৫০,৮৬৯ টকা সংগ্ৰহৰে পূৰ্বতকৈ ২৭ শতাংশ অধিক সংগ্ৰহ কৰি অভিলেখ গঢ়িলে কামৰূম (ম) জিলা পৰিবহণ বিভাগে ।২০২২-২৩ বিত্তীয় বৰ্ষত পৰিবহণ বিভাগৰ পঞ্জীয়ন আৰু অনুজ্ঞাপত্ৰ শাখাই ৩২৫,৬০,১৪,৭০৮ টকা আৰু পৰিবহণ বিভাগৰ আইন বলবৎ শাখাই সংগ্ৰহ কৰিলে ৩৭,০৮,২১,২১১টকা ।
ইফালে কামৰূপ মহানগৰ মাণ্ডলিক পৰিবহন প্ৰাধিকৰণে সংগ্ৰহ কৰিলে ২,২৬,১৪,৯৫০ টকাৰ কৰ । অৰ্থাৎ কামৰূপ মহানগৰ পৰিবহণ বিভাগে পঞ্জীয়ন আৰু অনুজ্ঞাপত্ৰৰ বেমেজালিৰ পৰাই পূৰ্বতকৈ ২৩ শতাংশ , আইন বলবৎ শাখাৰ জৰিয়তে ৭৫ শতাংশ আৰু মাণ্ডলিক পৰিবহন প্ৰাধিকৰণে ৪৪ শতাংশ অধিক কৰ সংগ্ৰহ কৰে ৷
উল্লেখ্য যে, ২০২১-২২ বিত্তীয় বৰ্ষতকৈ কামৰূপ মহানগৰ জিলা পৰিবহণ বিভাগে সংগ্ৰহ কৰা ২৮৭,৬৮,৯৫,৬৩০ টকাৰ কৰ এই বৰ্ষত বৃদ্ধি পাই হ'লগৈ ৩৬৪,৯৪,৫০,৮৬৯টকা ।
Published by: Kokil Sarma
FIRST PUBLISHED : April 01, 2023, 22:23 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।