মুখ্যপৃষ্ঠা »খবৰ »অসম »কামৰূপ মহানগৰ জিলাত ৮,৯৮০ গৰাকী ভোটাৰ বৃদ্ধি ! জিলা নিৰ্বাচনী বিষয়াই প্ৰকাশ কৰিলে তালিকা ...

কামৰূপ মহানগৰ জিলাত ৮,৯৮০ গৰাকী ভোটাৰ বৃদ্ধি ! জিলা নিৰ্বাচনী বিষয়াই প্ৰকাশ কৰিলে তালিকা ...

কামৰূপ মহানগৰৰ জিলাখনৰ চাৰিটা সমষ্টিৰ মুঠ ভোটাৰৰ সংখ্যা ১১ লাখ ৬১ হাজাৰ ৪৬৭ গৰাকী ৷ সৰ্বাধিক বৃদ্ধিৰ তালিকাত দিছপুৰ সমষ্টি ৷ সমষ্টিটোত প্ৰায় ৩ হাজাৰ ভোটাৰ বৃদ্ধি ৷

  • Share this:
প্ৰকাশ পালে কামৰূপ মহানগৰৰ ২০২২ৰ ভোটাৰ তালিকা ৷ কামৰূপ মহানগৰ জিলা নিৰ্বাচনী বিষয়া ধ্ৰুৱজ্যোতি হাজৰিকাই প্ৰকাশ কৰিলে তালিকা ৷ জিলাখনৰ চাৰিটা সমষ্টিৰ মুঠ ভোটাৰৰ সংখ্যা ১১ লাখ ৬১ হাজাৰ ৪৬৭ গৰাকী ৷

জালুকবাৰী সমষ্টিত থকা মুঠ ভোটাৰৰ সংখ্যা ২ লাখ ৪ হাজাৰ ৪৮১ জন ৷ দিছপুৰ সমষ্টিত থকা মুঠ ভোটাৰৰ সংখ্যা ৪ লাখ ১৪ হাজাৰ ৮৫৬ গৰাকী ৷ পূৱ গুৱাহাটী সমষ্টিত মুঠ ভোটাৰৰ সংখ্যা ২ লাখ ৪১ হাজাৰ ৮৫ গৰাকী ৷ পশ্চিম গুৱাহাটী সমষ্টিত মুঠ ভোটাৰৰ সংখ্যা ৩ লাখ ১ হাজাৰ ৪৫ গৰাকী ৷ চাৰিটা সমষ্টিৰ তৃতীয় লিংগৰ ভোটাৰৰ সংখ্যা ৪০ গৰাকী ৷ উল্লেখ্য যে মহানগৰ জিলাখনৰ মুঠ ৫৪৬৩ গৰাকী ভোটাৰৰ নাম কৰ্তন কৰা হৈছে ভোটাৰ তালিকাৰ পৰা। ইয়াৰ কিছু সংখ্যকৰ মৃত্যু হৈছে, কিছু সংখ্যকৰ নাম দুবাৰ পঞ্জীয়ন হৈ আছিল পূৰ্বে তালিকাত ৷ বিপৰীতে এই বছৰৰ তালিকা চাৰি সমষ্টিত জিলাখনৰ বৃদ্ধি পালে মুঠ ভোটাৰ ৮ হাজাৰ ৯ শ ৮০ গৰাকী ভোটাৰ ৷ বৃদ্ধিৰ তালিকাত দিছপুৰ সমষ্টিৰ সৰ্বাধিক, প্ৰায় তিনি হাজাৰ ভোটাৰ ৷

তোমাৰ চহৰৰ পৰা(গুৱাহাটী)

গুৱাহাটী

শেহতীয়া বাতৰি