মুখ্যপৃষ্ঠা »খবৰ »অসম »আশাকৰ্মীক সম্বৰ্ধনা ! কামৰূপ মহানগৰ জিলা ৬৬৯ গৰাকী আশাকৰ্মীক সম্বৰ্ধনা স্বাস্থ্য বিভাগৰ ...

আশাকৰ্মীক সম্বৰ্ধনা ! কামৰূপ মহানগৰ জিলা ৬৬৯ গৰাকী আশাকৰ্মীক সম্বৰ্ধনা স্বাস্থ্য বিভাগৰ ...

প্ৰসূতি আৰু শিশুৰ মৃত্যুৰ হাৰ হ্ৰাস, ঘৰুৱা প্ৰসৱ হ্ৰাস, পৰিয়াল পৰিকল্পনাৰ ক্ষেত্ৰত বিশেষ সেৱা আশাকৰ্মীৰ !

প্ৰসূতি আৰু শিশুৰ মৃত্যুৰ হাৰ হ্ৰাস, ঘৰুৱা প্ৰসৱ হ্ৰাস, পৰিয়াল পৰিকল্পনাৰ ক্ষেত্ৰত বিশেষ সেৱা আশাকৰ্মীৰ !

প্ৰসূতি আৰু শিশুৰ মৃত্যুৰ হাৰ হ্ৰাস, ঘৰুৱা প্ৰসৱ হ্ৰাস, পৰিয়াল পৰিকল্পনাৰ ক্ষেত্ৰত বিশেষ সেৱা আশাকৰ্মীৰ !

  • Share this:
কামৰূপ মহানগৰ জিলা স্বাস্থ্য সমিতিৰ উদ্যোগত সোমবাৰে দিনজোৰা কাৰ্যসূচীৰে অনুষ্ঠিত হয় আশা অভিৱৰ্তন ২০২৩ । স্বাস্থ্য বিভাগ আৰু সমাজৰ মাজত যোগসূত্ৰ সেৱা আশাকৰ্মীৰ ৷ কামৰূপ মহানগৰ জিলাত মুঠ ৬৬৯ গৰাকী আশা কৰ্মীয়ে জিলাখনৰ আগবঢ়াই আহিছে সেৱা ৷ স্বাস্থ্য খণ্ডত নিষ্ঠাৰে সেৱা আগবঢ়োৱা এইসকল কৰ্মীক আনুষ্ঠানিকভাৱে সম্বৰ্ধনা জনাই ৰাজ্যৰ স্বাস্থ্য বিভাগে ৷

আশা অভিৱৰ্তনখনত নিমন্ত্ৰিত অতিথি হিচাপে উপস্থিত থাকি গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ ডাঃ অচ্যুত চন্দ্ৰ বৈশ্যই ৷ অনুষ্ঠানত তেওঁ জিলাখনৰ আশাকৰ্মী সকলৰ কৰ্মৰাজিৰ শলাগ লয় ৷ লগতে আশাকৰ্মী সকলৰ প্ৰাপ্য মাননি সময়মতে ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানৰ জিলা তথা খণ্ডৰ বিষয়বৱীয়াক পৰিশোধ কৰিবলৈ অনুৰোধ জনায় ।

আশাকৰ্মী সকলৰ প্ৰচেষ্টা আৰু নিষ্ঠাৰ বাবে জিলাখনৰ স্বাস্থ্য খণ্ডত এক নতুন দিশ সূচনা হৈছে বুলি যুটীয়া স্বাস্থ্য সেৱা সঞ্চালক ডাঃ কন্দৰ্প কুমাৰ দাসে মন্তব্য আগবঢ়ায়।প্ৰসূতি আৰু শিশুৰ মৃত্যুৰ হাৰ হ্ৰাস, ঘৰুৱা প্ৰসৱ হ্ৰাস, জিলাখনত পৰিয়াল পৰিকল্পনা সেৱা আগবঢ়োৱা আদিকে ধৰি স্বাস্থ্য বিভাগৰ বিভিন্ন আঁচনিৰ সফল ৰূপায়ণত আশাকৰ্মী সকলৰ অৰিহণা শলাগ ল’বলগীয়া বুলি তেওঁ উল্লেখ কৰে।

আশাকৰ্মী সকলৰ কৰ্মৰাজি আৰু অৱদানৰ ভিত্তিত প্ৰতিটো মণ্ডল আৰু খণ্ডৰ পৰা তিনিগৰাকীকৈ মুঠ পোন্ধৰ গৰাকী বিশেষ অৱদান আগবঢোৱা আশাকৰ্মীক অভিৱৰ্তনত একোখনকৈ মানপত্ৰ আৰু পুৰস্কাৰেৰে পুৰস্কৃত কৰা হয়।

দেশভক্ত তৰুণ ৰাম ফুকন অন্তদ্বাৰ ক্ৰীড়া প্ৰাংগণত অনুষ্ঠিত এই অনুষ্ঠানত যুটীয়া স্বাস্থ্য সেৱা সঞ্চালক, মুখ্য চিকিৎসা ও স্বাস্থ্য বিষয়া, জিলা প্ৰতিষেধক বিষয়া,  ধীৰেণপাৰা আৰু পাণ্ডু এফ. আৰ. ইউৰ উপ অধীক্ষক, জিলা টিবি বিষয়া, আই.ডি. এচ. পিৰ জিলা নিৰীক্ষক বিষয়া, জিলাৰ আশাকৰ্মী আৰু স্বাস্থ্য বিভাগৰ বিষয়াসকল উপস্থিত থাকে।

তোমাৰ চহৰৰ পৰা(গুৱাহাটী)

গুৱাহাটী

শেহতীয়া বাতৰি