মুখ্যপৃষ্ঠা »খবৰ »অসম »1994 Dangari Fake Encounter Case : পঞ্চ শ্বহীদৰ পৰিয়াললৈ ক্ষতিপূৰণ: শ্বহীদ পৰিয়ালক লগত লৈ কি ক'লে জগদীশ ভূঞাই

1994 Dangari Fake Encounter Case : পঞ্চ শ্বহীদৰ পৰিয়াললৈ ক্ষতিপূৰণ: শ্বহীদ পৰিয়ালক লগত লৈ কি ক'লে জগদীশ ভূঞাই

X
ডাঙৰীৰ //

ডাঙৰীৰ পঞ্চ শ্বহীদৰ পৰিয়াললৈ ক্ষতিপূৰণ

ন্যায়লয়ত যুঁজ দিয়াৰ সময়ত বহুক্ষেত্ৰত বাধাৰো সন্মুখীন হৈছিল জগদীশ ভূঞা । বৰ্তমানৰ দৰে শাসন ব্যৱস্থা সেই সময়ত থকা হ'লে ন্যায় পোৱাটো সম্ভৱ নহ'লহেতেন বুলিও ভূঞাই কয় ৷ 

  • Share this:
গুৱাহাটী, ২০ মাৰ্চ: ১৯৯৪ চনত তিনিচুকীয়া জিলাৰ ডাঙৰীত সেনাবাহিনীয়ে গুলীয়াই হত্যা কৰা পাঁচগৰাকী নিৰ্দোষী যুৱকৰ পৰিয়ালক ২০ লাখকৈ টকা ক্ষতিপূৰণ দিয়াৰ ৰায় অলপতে প্ৰদান কৰিছিল গুৱাহাটী উচ্চ ন্যায়ালয়ে (Compensate Kin of 1994 Dangari Fake Encounter) ৷

সদৌ অসম ছাত্ৰ সন্থাৰ সেই সময়ৰ উপ-সভাপতি তথা শদিয়া সমষ্টিৰ প্ৰাক্তন বিধায়ক আৰু বৰ্তমান অসম জাতীয় পৰিষদৰ সাধাৰণ সম্পাদক জগদীশ ভূঞাই উক্ত গোচৰটো দাখিল কৰিছিল গুৱাহাটী উচ্চ ন্যায়ালয়ত।

উল্লেখযোগ্য যে ২৯ বছৰীয়া ন্যায়িক যুঁজৰ অন্তত অলপতে ন্যায়ালয়ে (Gauhati High Court) এই গোচৰটোৰ ৰায় প্ৰদান কৰে ৷ সন্ত্ৰাসবাদী সজাই নিৰীহ অসমীয়া যুৱক ক্ৰমে প্ৰবীণ সোণোৱাল, অখিল সোণোৱাল, ভবেন মৰাণ, দেৱজিত বিশ্বাস আৰু প্ৰদীপ দত্তক হত্যা কৰিছিল সেনা বাহিনীয়ে। প্ৰবীণ সোণোৱাল, অখিল সোণোৱাল, ভবেন মৰাণ, দেৱজিত বিশ্বাস, প্ৰদীপ দত্তক হত্যাৰ পূৰ্বে সামৰিক বাহিনীৰ জোৱানে যুৱককেইজনক অমানুষিক অত্যাচাৰ চলাইছিল।

যুৱককেইজনৰ কাৰোবাৰ যদি হাতৰ নখ উভালি পেলোৱা হৈছিল, কোনোবাজনৰ জিভা ছিঙি দিয়া হৈছিল, চকু ঘুকুটি উলিয়াই আনিছিল। এনেদৰে জঘন্য অত্যাচাৰ কৰি ক্ষমতাৰ বলত উন্মাদ হৈ পৰা ভাৰতীয় সেনাৰ জোৱানে (Indian Army) নিৰ্দোষী অসমীয়া যুৱক (Assamese Youth) কেইজনক আলফাৰ সন্দেহত নিৰ্মমভাৱে হত্যা কৰে।

সামৰিক আদালতৰ বিচাৰত কৰ্নেল লাল আৰু তেওঁৰ সহযোগীকেইজনক দোষী সাব্যস্ত কৰা হৈছিল। দুমাহৰ ভিতৰত কেন্দ্ৰীয় চৰকাৰক আদালতে ভুক্তভোগী পৰিয়ালকেইটাক ২০ লাখকৈ টকা ক্ষতিপূৰণ দিবলৈ আদেশ দিছে।

তদানীন্তন কৰ্ণেল অনিল কুমাৰ লালৰ নেতৃত্বত অহা সাতজনীয়া এটা সেনাৰ দলে কৰ্নেলৰ ভনীজোঁৱাইৰ হত্যাৰ প্ৰতিশোধ ল'বলৈ সাতগৰাকী তেজাল অসমীয়া যুৱকক শোৱাপাটীৰ পৰা উঠাই নি হত্যা কৰাৰ অভিযোগ ভুক্তভোগী পৰিয়ালৰ।

ন্যায়ালয়ত যুঁজ দিয়াৰ সময়ত বহুক্ষেত্ৰত বাধাৰো সন্মুখীন হৈছিল জগদীশ ভূঞা আদালতৰ পৰা ন্যায়প্ৰাপ্তিৰ পিছত উক্ত পাঁচোগৰাকী দুৰ্ভগীয়া যুৱকৰ পৰিয়ালক লগত লৈ আজি গুৱাহাটীত এক সংবাদমেলত ভাগ লয় জগদীশ ভূঞাই (AASU Vice President Jagadish Bhuyan) ৷

তেওঁ কয় যে দীঘলীয়া সময়জুৰি এই গোচৰটো চলাই নিয়াৰ ক্ষেত্ৰত তেওঁ বিভিন্ন ধৰণে বাধাৰ সন্মুখীন হ'বলগীয়া হৈছিল ৷ আনহাতে বৰ্তমানৰ দৰে শাসন ব্যৱস্থা সেই সময়ত থকা হ'লে ন্যায় পোৱাটো সম্ভৱ নহ'লহেঁতেন বুলিও ভূঞাই কয় ৷

তোমাৰ চহৰৰ পৰা(গুৱাহাটী)

গুৱাহাটী

শেহতীয়া বাতৰি