দেওবাৰে Journalist Association For Assam ওৰফে JAFA ৰ উদ্যোগত অনুষ্ঠিত হোৱা Achievers Award 2022 বঁটা প্ৰদান কাৰ্যসূচী গুৱাহাটীৰ হোটেল ভিৱান্টাত অনুষ্ঠিত হয়। অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে অসম বিধান সভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰী। উল্লেখযোগ্য যে, বঁটা প্ৰদান অনুষ্ঠানত ৪৫ গৰাকীকৈ ব্যক্তিলৈ আগবঢ়োৱা হয় ২০২২ বৰ্ষৰ JAFA Achievers Award। সংবাদ ক্ষেত্ৰৰ লগত জড়িত ৩১ গৰাকী সাংবাদিকলৈ ২০২২ বৰ্ষৰ JAFA Achievers Award আগবঢ়োৱা হয়। নিউজ-18 ৰ জ্যেষ্ঠ সাংবাদিক ৰাজু বৰুৱা আৰু ওডালগুৰিৰ সাংবাদিক ৰিপুঞ্জয় নাথকো প্ৰদান কৰা হয় JAFA Achievers Award। তদুপৰি, বিভিন্ন ক্ষেত্ৰত সমাজলৈ নিষ্ঠাৰে সেৱা আগবঢ়োৱা ১৪ গৰাকী ব্যক্তিলৈ আগবঢ়োৱা হৈছে এই বঁটা।