আজি ৮ সংখ্যক আন্তৰাষ্ট্ৰীয় যোগ দিৱস (International Yoga Day)। আন্তৰাষ্ট্ৰীয় যোগ দিৱস উপলক্ষে দেশৰ বিভিন্ন প্ৰান্তৰ লগতে ৰাজ্যত উদযাপন কৰা হয় যোগ দিৱস। ইয়াৰ সমান্তৰালভাৱে বৰঝাৰস্থিত লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰাষ্ট্ৰীয় বিমানবন্দৰত CISFৰ উদ্যোগত বিমানবন্দৰ (Guwahati Airport) কৰ্তৃপক্ষৰ বিষয়া কৰ্মচাৰীয়ে যোগ দিৱসত অংশগ্ৰহণ কৰে।
বিমানবন্দৰ পাৰ্কিং এলেকাত উদযাপন কৰা এক আন্তৰাষ্ট্ৰীয় যোগ দিৱস (Yoga Day) উপলক্ষে বৰঝাৰ বিমানবন্দৰত প্ৰায় দুই শতাধিক লোকে অংশগ্ৰহণ কৰে। আনহাতে বিমানবন্দৰত দিল্লীৰ পৰা নিমন্ত্ৰিত ব্ৰহ্মকুমাৰী ন্যাস ৰক্ষীৰ বি কে ৰাকেশ আৰু বি কে নন্দিতাই যোগ দিৱসৰ লগত সংগতি ৰাখি মানসিক প্ৰশান্তি বৃদ্ধিৰ ওপৰত ভাষণ প্ৰদান কৰাৰ লগতে প্ৰশিক্ষণ দিয়ে।
তাৰোপৰি বিমানবন্দৰৰ যাত্ৰীসকলক যোগ কি দৰে কৰিব লাগে তাৰ ওপৰত জ্ঞান দিয়াৰ উদ্দেশ্যে এখনি মঞ্চ সজাই প্ৰশিক্ষণ প্ৰাপ্ত যোগ প্ৰশিক্ষকৰ দ্বাৰা প্ৰদর্শন কৰা হয়।
Published by:Manjumoni Borah
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|