মুখ্যপৃষ্ঠা »খবৰ »অসম »Guwahati Accident: পথ দুৰ্ঘটনাক লৈ অভিযুক্ত যুৱতীৰ 'চাফাই', Viral হৈছে ইনষ্টাগ্ৰাম একাউণ্টত ষ্ট'ৰী হিচাপে শ্বেয়াৰ কৰা ফটো পোষ্ট

Guwahati Accident: পথ দুৰ্ঘটনাক লৈ অভিযুক্ত যুৱতীৰ 'চাফাই', Viral হৈছে ইনষ্টাগ্ৰাম একাউণ্টত ষ্ট'ৰী হিচাপে শ্বেয়াৰ কৰা ফটো পোষ্ট

বৰুৱাই উল্লেখ কৰা মতে শ্ৰমিকসকলে নিশা কাম কৰোঁতে পৰিধান কৰিবলগীয়া ফ্লেছি ড্ৰেচ পৰিধান কৰা নাছিল।

বৰুৱাই উল্লেখ কৰা মতে শ্ৰমিকসকলে নিশা কাম কৰোঁতে পৰিধান কৰিবলগীয়া ফ্লেছি ড্ৰেচ পৰিধান কৰা নাছিল।

  • Share this:

গুৱাহাটীৰ মাজমজিয়াত ১ অক্টোবৰৰ নিশা সংঘটিত দুৰ্ঘটনা সন্দৰ্ভত ৰাজ্যজুৰি চৰ্চা চলি আছে। ৯গৰাকীকৈ লোক আহত হোৱা তথা এগৰাকী লোকে চিৰজীৱনলৈ পংগু হৈ পৰা এই দুৰ্ঘটনাৰ বাবে অভিযুক্ত কৰা হৈছিল যুৱতী ৰাজকন্যা বৰুৱাক। শেহতীয়াকৈ ইনষ্টাগ্ৰাম একাউণ্টত ষ্ট'ৰীত অভিযুক্তাগৰাকীয়ে শ্বেয়াৰ কৰিছে এটা ফটো পোষ্ট, য'ত তেওঁ দুৰ্ঘটনাক লৈ সংবাদ মাধ্যমত প্ৰকাশ পোৱা বাতৰিক লৈ ক্ষোভ প্ৰকাশ কৰা দেখা গৈছে।


বৰুৱাই পোষ্টত উল্লেখ কৰে যে বাতৰিত প্ৰকাশ পোৱা ধৰণে তেওঁ পাৰ্টী কৰি অহা নাছিল, বৰঞ্চ কৰ্তব্য সমাপন কৰি মাতৃৰ স্বাস্থ্যজনিত কিছু অসুবিধাৰ বাবে ঘৰলৈ আহি আছিল। লগতে সংবাদ মাধ্যমত প্ৰকাশ পোৱা ধৰণে তেওঁ কোনো সুৰাপান কৰা নাছিল, এই সম্পৰ্কে চিকিৎসকৰ প্ৰতিবেদনতো স্পষ্ট কৰা বুলি তেওঁ উল্লেখ কৰে।


আনহাতে বৰুৱাই উল্লেখ কৰা মতে শ্ৰমিকসকলে নিশা কাম কৰোঁতে পৰিধান কৰিবলগীয়া ফ্লেছি ড্ৰেচ পৰিধান কৰা নাছিল। বৰুৱাই সংবাদ মাধ্যমৰ প্ৰতি ক্ষোভ প্ৰকাশ কৰি পোষ্টটোত উল্লেখ কৰে যে তেৱোঁ আহত হৈছিল যদিও কোনোৱে ইয়াক লৈ এটা শব্দও নিলিখিলে, নিলিখিলে ১৮ ঘণ্টালৈ বিনা চিকিৎসাই মূৰত গ্লাছৰ টুকুৰা লৈ থকা তথা আন কেইবাটাও জখমৰ কথাও।


বিগত ৩ বছৰ ধৰি তেওঁ হতাশাত ভুগি থকা বুলি উল্লেখ কৰি বৰুৱাই কয় যে গুৱাহাটীত বহু দুৰ্ঘটনা হয় যদিও ১ অক্টোবৰৰ দুৰ্ঘটনাটোহে হাইলাইট কৰা হৈছে। বহুখিনি ভুল তথ্যৰে সংবাদ পৰিৱেশন কৰা বুলি অভিযোগ তুলি বৰুৱাই কয় যে হতাশা আৰু আক্ৰমণৰ বলি হৈ যদি তেওঁ জীৱনৰ সমাপ্তি ঘটায়, তেন্তে তাৰ বাবে দায়বদ্ধ হ'ব লাগিব সংবাদ মাধ্যম। তেওঁ সংবাদ মাধ্যমৰ ওপৰত বিহিত ব্যৱস্থা গ্ৰহণৰ বাবে প্ৰস্তুত হোৱাৰ কথাও প্ৰকাশ কৰে।


উল্লেখ্য, গুৱাহাটীৰ উক্ত দুৰ্ঘটনাক লৈ দিছপুৰ আৰক্ষীৰ দুই বিষয়াক ইতিমধ্যে ৰিজাৰ্ভ ক্ল'জ কৰা হৈছে৷ আনহাতে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মায়ো প্ৰতিক্ৰিয়া ব্যক্ত কৰিছিল এই কাণ্ডক লৈ।

তোমাৰ চহৰৰ পৰা(গুৱাহাটী)

গুৱাহাটী

শেহতীয়া বাতৰি