মুখ্যপৃষ্ঠা »খবৰ »অসম »ভাৰতৰ ৰে'ল বিভাগৰ ইতিহাসত এক নতুন অধ্যায়ৰ সূচনা ! ৰে'লৱে ষ্টেচন প্ৰাংগনত পোনপ্ৰথমবাৰৰ বাবে স্থাপন আধাৰ সেৱা কেন্দ্ৰ ...

ভাৰতৰ ৰে'ল বিভাগৰ ইতিহাসত এক নতুন অধ্যায়ৰ সূচনা ! ৰে'লৱে ষ্টেচন প্ৰাংগনত পোনপ্ৰথমবাৰৰ বাবে স্থাপন আধাৰ সেৱা কেন্দ্ৰ ...

NFRৰ বিশেষ পদক্ষেপ; গুৱাহাটী ৰে'ল ষ্টেচনত স্থাপন হ'ল দেশৰ প্ৰথমটো ষ্টেচন প্ৰাংগন আধাৰ কেন্দ্ৰ।

NFRৰ বিশেষ পদক্ষেপ; গুৱাহাটী ৰে'ল ষ্টেচনত স্থাপন হ'ল দেশৰ প্ৰথমটো ষ্টেচন প্ৰাংগন আধাৰ কেন্দ্ৰ।

  • Share this:
ভাৰতৰ ৰে'ল বিভাগত ইতিহাসত সূচনা হ'ল এক নতুন অধ্যায়ৰ। কাৰণ ৰে'লৱে ষ্টেচন প্ৰাংগনত পোনপ্ৰথমবাৰৰ বাবে আধাৰ সেৱা কেন্দ্ৰ স্থাপন কৰা হৈছে। এই আধাৰ সেৱা কেন্দ্ৰটো অন্য কোনো ঠাইত নহয় বৰঞ্চ গুৱাহাটী ৰে'লৱে ষ্টেচনত স্থাপন কৰা হৈছে।

উত্তৰ-পূব সীমান্ত ৰে'লৱেই গ্ৰহণ কৰিছে এই বিশেষ পদক্ষেপ। News18 অসম নৰ্থ-ইষ্টৰ সৈতে হোৱা এক আছুতীয়া সাক্ষাৎকাৰত উত্তৰ-পূৱ সীমান্ত ৰে'লৱেৰ মুখ্য জনসম্পৰ্কৰক্ষী বিষয়া সব্যসাচী দে'ই জানিবলৈ দিয়া মতে ৰে'লৱে ষ্টেচন প্ৰাংগনত পোনপ্ৰথমবাৰৰ বাবে স্থাপন হোৱা আধাৰ সেৱা কেন্দ্ৰটোত পূৰ্ণগতিত চলি আছে কাম-কাজ। কেৱল ৰেলযাত্ৰী অথবা কৰ্মচাৰীসকলে নহয় সাধাৰণ ৰাইজলৈও আগবঢ়োৱা হৈছে আধাৰ সংক্ৰান্তীয় সেৱাসমূহ। উত্তৰ-পূব সীমান্ত ৰে'লৱেৰ তৰফৰ পৰা গ্ৰহণ কৰা এই পদক্ষেপে ৰেলযাত্ৰীসকলৰ লগতে সৰ্বসাধাৰণ ৰাইজক বহু পৰিমাণে সহায় কৰিব আশা মুখ্য জনসম্পৰ্কৰক্ষী বিষয়াগৰাকীৰ।

তোমাৰ চহৰৰ পৰা(গুৱাহাটী)

গুৱাহাটী

শেহতীয়া বাতৰি