২১ মাৰ্চত নতুন দিল্লীত চফদৰজং ৰেল ষ্টেচনৰ পৰা যাত্ৰা আৰম্ভ কৰা ভাৰত গৌৰৱ ৰেলখনে বৃহস্পতিবাৰে দিনৰ ১২বজাত গুৱাহাটী ৰেল ষ্টেচন আহি পায় ৷ গুৱাহাটী ষ্টেচন পোৱাৰ লগে লগে ৰেল বিভাগৰ ফালৰ পৰা পৰ্যটক সকলক এপাহ ৰঙা গোলাপ আৰু গামোচাৰে আদৰাৰ সমান্তৰালকৈ বিহু দলে আদৰণি জনায় ৷
১৫ দিনিয়াকৈ নৰ্থ ইষ্ট ডিস্কভাৰী বিয়ণ্ড গুৱাহাটী ভ্ৰমণ নামৰ কাৰ্যসূচীৰে যাত্ৰা আৰম্ভ কৰা ৰেলখনে মুঠ ৫ হাজাৰ ৮০০ কিলোমিটাৰ যাত্ৰা পথত অসম, অৰুণাচল প্ৰদেশ, নাগালেণ্ড আৰু মেঘালয়ক সামৰি ল' ব ৷ গুৱাহাটী ষ্টেচনত ভৰি দিয়ে ৰেল বিভাগৰ পৰা পোৱা আদৰণিত আনন্দিত হৈ পৰে পৰ্যটকসকল ৷ অসমৰ পৰা পোৱা মৰমৰ বাবে আনন্দিত হৈ কোনোৱে জয় আই অসম কোৱাৰ লগতে কোনোৱে নাচিলে বিহু ৷ পৰ্যটন ক্ষেএক উজ্বলাই তুলিবৰ বাবে উত্তৰ পূব ৰেলৱেৰ এই পদক্ষেপ প্ৰশংসনীয় ৷ পিছে এই পদক্ষেপ কিমান দিন ফলপ্ৰসু সেয়া হ'ব লক্ষণীয় ৷
Published by: Kokil Sarma
FIRST PUBLISHED : March 23, 2023, 19:51 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।