মুখ্যপৃষ্ঠা »খবৰ »অসম »‘উমৰান ভাই, কুমাৰিকাটাত একেলগে খেলা আছিলো, পাহৰি গেলা নেকি?’ - বৰ্ষাপাৰা ষ্টেডিয়ামৰ গেলাৰীত দৰ্শকৰ মন্তব্য, ভাইৰেল ভিডিঅ’

‘উমৰান ভাই, কুমাৰিকাটাত একেলগে খেলা আছিলো, পাহৰি গেলা নেকি?’ - বৰ্ষাপাৰা ষ্টেডিয়ামৰ গেলাৰীত দৰ্শকৰ মন্তব্য, ভাইৰেল ভিডিঅ’

এটা ভিডিঅ’ত দেখা গৈছে ভাৰতীয় ক্ৰিকেটাৰ উমৰান মালিকে বাউণ্ডেৰীত ফিল্ডিং কৰিছে।

এটা ভিডিঅ’ত দেখা গৈছে ভাৰতীয় ক্ৰিকেটাৰ উমৰান মালিকে বাউণ্ডেৰীত ফিল্ডিং কৰিছে।

এটা ভিডিঅ’ত দেখা গৈছে ভাৰতীয় ক্ৰিকেটাৰ উমৰান মালিকে বাউণ্ডেৰীত ফিল্ডিং কৰিছে।

  • Share this:
গুৱাহাটীত সুকলমে সম্পন্ন হ’ল ভাৰত আৰু শ্ৰীলংকাৰ মাজত অনুষ্ঠিত এদিনীয়া মেচ। মেচত জয় লাভ কৰিলে টীম ইণ্ডিয়াই। খেলখনৰ পিছতে ষ্টেডিয়ামৰ কেতবোৰ ভিডিঅ’ এতিয়া ভাইৰেল হৈ পৰিছে ছচিয়েল মিডিয়াত। গেলাৰীৰ পৰা দৰ্শকে খেলপথাৰত থকা ক্ৰিকেটাৰসকলৰ সৈতে কৰা কেতবোৰ ধেমেলীয়া ভিডিঅ’ ভাইৰেল হৈছে ছচিয়েল মিডিয়াত।

এটা ভিডিঅ’ত দেখা গৈছে ভাৰতীয় ক্ৰিকেটাৰ উমৰান মালিকে বাউণ্ডেৰীত ফিল্ডিং কৰিছে। সেই সময়তে গেলাৰীৰ পৰা এজন দৰ্শকে চিঞৰিছে – ‘উমৰান ভাই, কুমৰীকাটাত একেলগে খেলছিলো, পাহৰি গেলা নেকি? একবাৰ চ’ আমাৰ ফালে।’

অৱশ্যে ভিডিঅ’ত ক্ৰিকেটাৰগৰাকীয়ে কোনো ধৰণৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰা দেখা যোৱা নাই। বৰ্ষাপাৰা ষ্টেডিয়ামত দৰ্শকৰ এই ধেমেলীয়া ভিডিঅ’ ভাইৰেল হৈ পৰিছে ছচিয়েল মিডিয়াত।

তোমাৰ চহৰৰ পৰা(গুৱাহাটী)

গুৱাহাটী

শেহতীয়া বাতৰি