অলিম্পিক পদক জয় কৰি অসমক গৌৰম্বান্বিত কৰা লাভলীনা বৰগহাঁয়ে (Lovlina Borgohain) আজি ভাৰতৰ ক্ৰীড়াক লৈ কৰিলে ডাঙৰ মন্তব্য। সাংবাদিকৰ সৈতে হোৱা মত বিনিময় অনুষ্ঠানত লাভলীনাই কয় যে ক্ৰীড়া (Sports in Education)ক যদি শিক্ষাৰ এটা বাধ্যতামূলক বিষয় কৰা হয় তেন্তে ভাৰতত ১০ বছৰতে ওলাব পদক জয় কৰিব পৰা বহু খেলুৱৈ।
লাভলীনাই কয়, "আমাৰ দেশত খেলক লৈ বহুত সমস্যা আছে। শিক্ষাত খেলক প্ৰাধান্য দিয়া হোৱা নাই। খেলি গৈ থাকে শিকি গৈ থাকে। আমাৰ ইয়াত প্ৰশিক্ষকসকলেও খেলি খেলিহে শিকে। কেৰিয়াৰৰ চিন্তা কৰি অভিভাৱকেও খেলত নিদিয়ে। বিদেশত খেলত স্নাতক কৰাৰো সুবিধা আছে। ফলত বিজ্ঞানসন্মতভাৱে তেওঁলোকে শিকিব পাৰে। ক্ৰীড়া বিজ্ঞানটো বুজি পায় শিকিলে। কিমান ট্ৰেইনিং লাগিব, কিমান ফোৰ্চ লাগিব, পাঞ্চ কেনেকৈ মাৰিব, কিমান স্পীডত মাৰিব, এইবোৰ শিকিব পাৰে।"
লাভলীনাই আকৌ কয় যে "আমাৰ দেশৰ খেলুৱৈসকলে বহুত কষ্ট কৰিব পাৰে। খেলক যদি বাধ্যতামূলক কৰি দিয়ে তেনেহ'লে ১০ বছৰতে বহুত বেছি মেডেল পোৱা খেলুৱৈ ওলাব ভাৰতত। অন্য দেশকো চেৰ পেলাব পাৰিব।"
উল্লেখ্য যে টকিঅঅলিম্পিকত ব্ৰঞ্জৰ পদক জয় কৰি অসমলৈ গৌৰৱ কঢ়িয়াই আনিছে লাভলীনাই। তথাপি সোণ জয় কৰিব নোৱাৰি পুনৰ আক্ষেপ কৰে বক্সাৰগৰাকীয়ে। লাভলীনাৰ এতিয়া পৰৱৰ্তী লক্ষ্য হৈছে কমনৱেলথ গেছ, এছিয়ান চেম্পিয়নশ্বীপ আৰু বিশ্ব চেম্পিয়নশ্বীপ আছে। কিন্তু সকলোতকৈ ডাঙৰ লক্ষ্য হ'ল পেৰিছ অলিম্পিকত স্বৰ্ণ জয়।
আজি সংবাদমেলৰ পূৰ্বে লাভলীনাৰ ৫গৰাকী প্ৰশিক্ষকক ৰাজ্য চৰকাৰে প্ৰদান কৰা ১০ লাখ টকাৰ চেক লাভলীনাৰ হাতত অৰ্পণ কৰে ক্ৰীড়া মন্ত্ৰী বিমল বৰাই।
Published by: Manjumoni Borah
FIRST PUBLISHED : August 13, 2021, 09:17 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।