মুখ্যপৃষ্ঠা »খবৰ »অসম »Guwahati News: ডিজিটেল সময়ে গ্ৰাস কৰিব পৰা নাই গুৱাহাটী জিলা পুথিভঁৰালৰ গুৰুত্ব

Guwahati News: ডিজিটেল সময়ে গ্ৰাস কৰিব পৰা নাই গুৱাহাটী জিলা পুথিভঁৰালৰ গুৰুত্ব

X
গুৱাহাটী //

গুৱাহাটী জিলা পুথিভৰাঁলত কমিছে নেকি পঢ়ুৱৈৰ সংখ্যা ?

সুধাকণ্ঠ ভূপেন হাজৰিকা, লক্ষ্মীনন্দন বৰা, হোমেন বৰগোহাঞি, নগেন শইকীয়া, নিৰ্মলপ্ৰভা বৰদলৈ, নীলমণি ফুকন, বাণীকান্ত কাকতি, বিষ্ণুপ্ৰসাদ ৰাভা, লক্ষ্মীনাথ বেজবৰুৱা, ভবেন্দ্ৰনাথ শইকীয়া আদিকে ধৰি বহু বিশিষ্ট সাহিত্যিকৰ বাবে এই জিলা পুথিভৰাঁল আছিল জ্ঞানৰ মন্দিৰ। 

  • Share this:
গুৱাহাটী, ২৪ মাৰ্চ: ডিজিটেল সময়ৰ গ্ৰাসত পৰি হ্ৰাস পাইছে নেকি পুথিভৰাঁলত পঢ়ুৱৈৰ সংখ্যা ? কমি আহিছে নেকি পুথিভৰাঁলৰ প্ৰতি থকা পঢ়ুৱৈৰ সেই হাবিয়াস ? ক'ৰবাত ঠাই বিশেষে এই আশংকা সত্য হ'লেও অন্ততঃ গুৱাহাঢী জিলা পুথিভৰাঁলত এতিয়াও সৃষ্টি হোৱা নাই তেনে এক পৰিবেশৰ।

বহু সাহিত্যকৰ এক আৱেগৰ স্থান এইটো গুৱাহাটী জিলা পুথিভৰাঁল। ৰাজহুৱা বিশ্ববিদ্যালয় হিচাপেও নাম আছে এই পুথিভৰাঁলৰ। ৰাজ্যৰ বহু ছাত্ৰ-ছাত্ৰী, জেষ্ঠ নাগৰিকে আজিও নিয়মীয়াকৈ অধ্যয়ন কৰিবলৈ আহে এই পুথিভৰাঁললৈ।

সুধাকণ্ঠ ভূপেন হাজৰিকা, লক্ষ্মীনন্দন বৰা, হোমেন বৰগোহাঞি, নগেন শইকীয়া, নিৰ্মলপ্ৰভা বৰদলৈ, নীলমণি ফুকন, বাণীকান্ত কাকতি, বিষ্ণুপ্ৰসাদ ৰাভা, লক্ষ্মীনাথ বেজবৰুৱা, ভবেন্দ্ৰনাথ শইকীয়া আদিকে ধৰি বহু বিশিষ্ট সাহিত্যিকৰ বাবে এই জিলা পুথিভৰাঁল আছিল জ্ঞানৰ মন্দিৰ।

বৰ্তমানো গুৱাহাটীৰ বহু জেষ্ঠ নাগৰিক আৰু ছাত্ৰ-ছাত্ৰীয়ে ভিৰ কৰে এই পুথিভৰাঁলটোত। কিন্তু ক'ভিডসৃষ্ট পৰিৱেশৰ পৰৱৰ্তী পৰ্যায়ৰ পৰা পঢ়ুৱৈৰ সংখ্যা কিছু সেৰেঙা হৈছে। প্ৰতিদিনে প্ৰায় ৫০ জনকৈ পঢ়ুৱৈহে আহে পুথিভৰাঁলটোলৈ। উল্লেখযোগ্য যে, ক'ভিডৰ বাবে প্ৰায় দুবছৰ ধৰি বন্ধ হৈ আছিল পুথিভৰাঁলটো।

অন্যহাতে পুথিভঁৰালটো তিনিবছৰ ধৰি মেৰামতি কৰি থকা হৈছে। প্ৰায় তিনি মাহৰ পিছতহে এই মেৰামতি সম্পূৰ্ণ হ'ব। বহুতে অভিযোগ কৰে- প্ৰশাসনে যিমান পুথিভৰাঁটোৰ প্ৰতি মনোযোগ দিব লাগিছিল সিমান গুৰুত্ব দিয়া নাই। অন্যহাতে লোকনিৰ্মাণ বিভাগৰ নেতৃত্বত মেৰামতি হৈ থকা পুথিভৰাঁলটোৰ কাম লেহেমীয়া হোৱাৰো অভিযোগ বিভিন্নজনৰ।

তোমাৰ চহৰৰ পৰা(গুৱাহাটী)

গুৱাহাটী

শেহতীয়া বাতৰি