মুখ্যপৃষ্ঠা »খবৰ »অসম »গুৱাহাটীত অবৈধ পাৰ্কিঙৰ বাবেই তীব্ৰ যানজঁট

গুৱাহাটীত অবৈধ পাৰ্কিঙৰ বাবেই তীব্ৰ যানজঁট

X
গুৱাহাটীত //

গুৱাহাটীত অবৈধ পাৰ্কিঙৰ বাবেই তীব্ৰ যানজঁট

অবৈধভাৱে বহুতে চলাইছে পাৰ্কিং। বিশেষকৈ খ্ৰীষ্টানবস্তি, গণেশগুৰি, হেঙেৰাবাৰী আদিকে ধৰি বিভিন্ন প্ৰান্তত এই অনিয়ম সংঘটিত হৈছে । প্ৰতিখন বাহনৰ পৰা জি এম চিৰ নিৰ্ধাৰিত মূল্যতকৈ অধিক মূল্য পাৰ্কিঙৰ নামত লোৱাৰ অভিযোগ বহুদিন ধৰি উত্থাপন হৈ আছে । 

  • Share this:
গুৱাহাটী, ২৩ মাৰ্চ: গুৱাহাটীত অবৈধ পাৰ্কিঙৰ বাবেই সময়ে সময়ে সৃষ্টি হৈ আহিছে তীব্ৰ যানজঁটৰ। পাৰ্কিং যেন এতিয়া গুৱাহাটীৰ এক অন্যতম সমস্যা। জি এম চিৰ একাংশ পাৰ্কিঙত বহু অনিয়মৰ অভিযোগ উত্থাপন হৈ আহিছে।

অবৈধভাৱে বহুতে চলাইছে পাৰ্কিং। বিশেষকৈ খ্ৰীষ্টানবস্তি, গণেশগুৰি, হেঙেৰাবাৰী আদিকে ধৰি বিভিন্ন প্ৰান্তত এই অনিয়ম সংঘটিত হৈছে। প্ৰতিখন বাহনৰ পৰা জি এম চিৰ নিৰ্ধাৰিত মূল্যতকৈ অধিক মূল্য পাৰ্কিঙৰ নামত লোৱাৰ অভিযোগ বহুদিন ধৰি উত্থাপন হৈ আছে।

প্ৰতিখন দুচকীয়া বাহনৰ পৰা ৫টকাকৈ পাৰ্কিঙৰ নামত ল'ব লাগে যদিও এই চক্ৰটোৱে ১০ টকাকৈ লোৱাৰ উপৰি প্ৰতিখন ৩ আৰু ৪ চকীয়া বাহনৰ নামত ৩০-৫০ টকা পৰ্যন্ত লোৱাৰ অভিযোগ উত্থাপন হৈছে। অন্যহাতে একাংশই আকৌ পাৰ্কিঙৰ নামত গুণ্ডামি চলোৱাৰ অভিযোগ উত্থাপন হৈছে।

গুৱাহাটীত নিৰ্মাণ হৈছে ইখনৰ পাছত সিখন উৰণীয়া সেতু, যাতে উৰণীয়া সেতুসমূহৰ তলত পাৰ্কিংসমূহ কৰিব পাৰে তাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিছে প্ৰশাসনে। কিন্তু একাংশ মহানগৰীকে প্ৰশাসনৰ এই পদক্ষেপক গুৰুত্ব নিদিয়াও পৰিলক্ষিত হৈছে।

ইপিনে জি এম চিৰ তৰফৰ পৰা বিভিন্ন গোট বা ব্যক্তিক নিবিদাৰ জৰিয়তে দিয়া পাৰ্কিংসমূহত জি এম চিৰ মূল্যতকৈ অধিক পৰিমাণে মাচুল লোৱা বাবে বহুতে তৰ্কত লিপ্ত হোৱাও দেখিবলৈ পোৱা যায়। গুৱাহাটীৰ ফাঁচীবজাৰ, লাখটকীয়া, পল্টনবজাৰ আদিকে ধৰি বিভিন্ন অঞ্চলতো গতানুগতিকভাৱে চলিছে পাৰ্কিং ব্যৱস্থা।

জি এম চিৰ মূল্যতকৈ অধিক পৰিমাণে মাচুল লোৱাৰ অভিযোগ আছে পাৰ্কিং মাচুল তোলা প্ৰতিষ্ঠানৰ বিৰুদ্ধে। উল্লেখযোগ্য যে গুৱাহাটীৰ বহু সচেতন লোকে পাৰ্কিং ব্যৱস্থাক লৈ বহুসময়ত জি এম চিত অভিযোগ দিছে যদিও প্ৰশাসনে গুৰুত্ব নিদিয়াৰ অভিযোগ উত্থাপন কৰিছে বহুজনে।

তোমাৰ চহৰৰ পৰা(গুৱাহাটী)

গুৱাহাটী

শেহতীয়া বাতৰি