বিজ্ঞাপন
মুখ্যপৃষ্ঠা / খবৰ / অসম / গুৱাহাটী / Guwahati News: গুৱাহাটীত অনলাইন কেবত চলিছে অসৎ কাৰ্য

Guwahati News: গুৱাহাটীত অনলাইন কেবত চলিছে অসৎ কাৰ্য

Online cab service in Guwahati

Online cab service in Guwahati

গুৱাহাটীত অনলাইন কেবত চলিবলৈ আৰম্ভ কৰিছে অসৎ কাৰ্য । চালকে বাৰে বাৰে তেনে নকৰিবলৈ হাতজোৰ কৰি অনুৰোধ কৰিলেও চালকৰ কথাত কোনো গুৰুত্ব প্ৰদান নকৰে এইসকলে উশৃংখল যুৱক-যুৱতীয়ে ।

News18 Related Video Icon সম্পৰ্কীয় ভিডিঅ'

মৃগাংক মোহন দত্ত, গুৱাহাটী: গুৱাহাটী মহানগৰীত একাংশ অনলাইন কেবত যাত্ৰীয়ে বাহনৰ ভিতৰতেই অসৎ কাৰ্য চলোৱাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে । বিশেষকৈ একাংশ কলেজীয়া ছাত্ৰ-ছাত্ৰী, যুৱক- যুৱতীয়ে চলাবলৈ আৰম্ভ কৰিছে এনে উশৃংখল তথা অসৎ কাৰ্য । আপুনি শুনিলে হতভম্ব হ’ব কেব বুকিং কৰি চালকক উৱেৰ , অলা কোম্পানীত অভিযোগ দিয়াৰ ভয় দেখুৱাই এই অসৎ কাৰ্য চলায় একাংশ যুৱক-যুৱতীয়ে ।

বিজ্ঞাপন

গুৱাহাটীত হোটেল ভাড়া কৰি একাংশই অনৈতিক কাৰ্য সংঘটিত কৰা কথা বহুবাৰ সংবাদ মাধ্যমে প্ৰচাৰ কৰিছে । কিন্তু কেব বুকিং কৰি কেবৰ ভিতৰতেই অনৈতিক কাৰ্য চলোৱা কথা আপুনি শুনিলে আচৰিত হ’ব । উল্লেখযোগ্য যে, একাংশ যুৱক-যুৱতী তথা প্ৰেমিক যুগলে কেবসমূহ বুকিং কৰি কেবৰ ভিতৰতেই নিশাৰ ভাগত আৰম্ভ কৰে যৌনতাৰ খেলা । চালকে বাৰে বাৰে তেনে নকৰিবলৈ হাতজোৰ কৰি অনুৰোধ কৰিলেও চালকৰ কথাত কোনো গুৰুত্ব প্ৰদান নকৰে এইসকলে উশৃংখল যুৱক-যুৱতীয়ে ।

চালকক উবেৰ, অলা কোম্পানীত অভিযোগ দিয়াৰ ভয় দেখুওৱাৰ লগতে ৰেটিঙৰ ষ্টাৰ কমাই দিয়াৰ ভয় দেখুৱাই বহু যুৱক যুৱতীয়ে কেবৰ ভিতৰতেই সংঘটিত কৰে এনে অপকৰ্ম । একাংশ যাত্ৰীৰ এনে আচৰণৰ বাবে সমস্যাৰ সন্মুখীন হৈছে বহু চালক । যুৱক-যুৱতীসকলে কেবৰ ভিতৰতেই সেৱন কৰে সুৰা । ইয়াৰ পাছতেই আৰম্ভ হয় অনৈতিক কাৰ্য । সন্ধিয়াৰ পৰা নিশাৰ ভাগলৈ একাংশ কেব চালক এতিয়া এনে সমস্যাৰ সন্মুখীন হৈছে ।

বিজ্ঞাপন

বাধা দিলেও কোম্পানীত অভিযোগ দিয়াৰ ভয় দেখুওৱা হয় চালকক । অন্যহাতে অভিযোগ দিলে ৰেটিং কমাৰ লগতে ভাড়াৰ পৰিমানো কমে কেবখনৰ প্ৰফাইলত । যাৰ বাবে এনে সমস্যাৰ মাজতে একাংশ চালকে নিজৰ কৰ্ম সম্পাদন কৰিবলগীয়া হৈছে । বিশেষকৈ চুবুৰীয়া ৰাজ্যৰ একাংশ যুৱক-যুৱতীয়ে এনে অপকৰ্ম কৰাৰ অভিযোগ বহু কেব চালকৰ ।

অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।
  • First Published :
বিজ্ঞাপন
বিজ্ঞাপন