ভাৰতৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰী সুব্ৰমনিয়াম বিজয় শংকৰৰ আই আই টি গুৱাহাটীত পদাৰ্পন । গুৱাহাটী আই আই টিত ষ্টাৰ্টআপ ইনকুবেশ্বন প্ৰদৰ্শনী পৰিদৰ্শন কৰে সুব্ৰমনিয়াম বিজয় শংকৰে ।
এজন অসমীয়া যুবকে বাহৰ ফাইবাৰেৰে সাজি উলিওৱা গাড়ী দেখি অভিভুত হ'ল কেন্দ্ৰীয় মন্ত্ৰী গৰাকী । গাড়ীৰ ষ্টিয়েৰিঙত হাত থৈ মুখ্যমন্ত্ৰীকো উঠিবলৈ অনুৰোধ জনালে । ডঃ ভুপেন হাজৰিকা পেক্ষাগৃহত অনুষ্ঠিত শিক্ষাৰ্থীৰ মত বিনিময় অনুষ্ঠানত বৈদেশিক পৰিক্ৰমা মন্ত্ৰীৰ মন্তব্য ,IITGত আহি মই অত্যন্ত সুখী। বিশ্বৰ সকলো প্ৰান্তই দেশৰ IITৰ বিষয়ে খবৰ ৰাখে বিদেশ মন্ত্ৰী গৰাকীয়ে । আই আই টি গুৱাহাটীৰ শিক্ষাৰ্থী আৰু কেইবাখনো শিক্ষানুষ্ঠানৰ শিক্ষাৰ্থীৰ সতে মত বিনিময় কৰি ক'লে, 'মই জীৱনত বহু দেশলৈ গৈছো । তাত সকলোৱে IIT গুৱাহাটীৰ কথা সোধে।' অনুষ্ঠানত অভিযন্তাসকলৰ উদ্ঘাটনৰ শলাগ লয়। লগতে অভিযন্তাসকলৰ দায়বদ্ধতাৰ কথা উনুকিয়ালে কেন্ত্ৰীয় বৈদেশিক মন্ত্ৰী গৰাকীয়ে । অভিযন্তাসকলৰ দায়িত্ব যে নিয়োগ সৃষ্টি কৰাও সেই কথাও উনুকিয়াই মন্ত্ৰীগৰাকীয়ে ।
কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে অসম চৰকাৰে জাপানৰ সহযোগত ব্ৰহ্মপুত্ৰ নদীৰ উপৰত বনাই থকা দলংখনৰ কথা শলাগ লোৱাৰ লগতে IIT Guwahati ৰ ভুমিকাৰ কথাও উল্লেখ কৰে । বৈদেশিক মন্ত্ৰী সুৰ্বমনিয়াম স্বামীৰ ভাষণৰ পুৰ্বে মুখ্য মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই ভাষণ পাঠ কৰি আই আই টি গুৱাহাটীৰ কথা কবলৈ গৈ নিজ সমষ্টিৰ আই আইটিক লৈ গৌৰৱান্বিত বুলি কয় । 'বহু প্ৰতিভাশালী অভিযন্তা নিজ দেশৰ পৰিবৰ্তে বিদেশত সংস্থাপিত হৈছে। তেওঁলোকক ভাৰতত সংস্থাপিত কৰিব নোৱাৰি নেকি?' এগৰাকী ছাত্ৰীৰ প্ৰশ্নৰ উত্তৰত বৈদেশিক পৰিক্ৰমা মন্ত্ৰীগৰাকীয়ে কয়- ভাৰতত এতিয়ালৈ কোনো স্থিৰ নীতি নাই। কিন্তু এই ক্ষেত্ৰত চৰকাৰে গুৰুত্ব দিছে। entrepreneur গঢ়াৰ ক্ষেত্ৰত চৰকাৰে গুৰুত্ব দিব।ম্যানমাৰৰ পৰা অহা অনুপ্ৰৱেশকাৰীক ভাৰতত কেতিয়াও প্ৰশ্ৰয় দিয়া নহব। চীনৰ লগত আমাৰ কূটনৈতিক সম্পৰ্ক বাহাল থাকিলেও প্ৰতিৰক্ষাৰ ক্ষেত্ৰত কেতিয়াও সহজভাৱে লোৱা নহ'ব। এগৰাকী লেফ্টনেটে সোধা প্ৰশ্নৰ উত্তৰত এই কথা ক'লে বৈদেশিক পৰিক্ৰমা মন্ত্ৰীগৰাকীয়ে । অনুষ্ঠানত গুৱাহাটী আই আই টিৰ সঞ্চালক টি জি সিতাৰামে মুখ্যমন্ত্ৰী ড হিমন্ত বিশ্ব শৰ্মা আৰু কেন্দ্ৰীয় বৈদেশিক মন্ত্ৰী সুব্ৰমনিয়াম বিজয় শংকৰৰ উপস্থিতিয়ে সকলোকে উৎসাহিত কৰিলে মত পোষণ কৰে ।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|