বহু সাহিত্যিক, ছাত্ৰ-ছাত্ৰীৰ আৱেগ পাণবজাৰ । বহু অসমীয়া গল্প-উপন্যাসৰ পটভূমি পাণবজাৰ ৷ বহু সাহিত্যিকৰ সৃষ্টিশীল আড্ডাৰ থলী এই ঐতিহাসিক পাণবজাৰ ।
গ্ৰন্থ বজাৰৰ হৃদপিণ্ডস্বৰূপ এই পাণবজাৰৰ বাবে প্ৰত্যাহ্বান আনিছে নেকি আজিৰ ডিজিটেল দুনীয়াখনে ৷ অনলাইন শিক্ষা ব্যৱস্থা, সৰ্বদিশতে ডিজিটেলাইজেছনৰ প্ৰভাৱ আদিৰ বাবে অক্ষুণ্ণ থাকিবনে পানবজাৰৰ গৰিমা ।
উল্লেখযোগ্য যে, এই পাণবজাৰৰে বহু গ্ৰন্থৰ প্ৰকাশন প্ৰতিস্থানে শতবৰ্ষও গৰকিলে । কিন্তু হাহাকাৰ কৰিবলগীয়া হৈছে একাংশ ব্যৱসায়ীয়ে । কাৰণ বৰ্তমান বিভিন্ন ৱেবছাইটত উপলদ্ধ হৈ পৰিছে বহু গ্ৰন্থ । ইণ্টাৰনেটৰ পৃথিৱীখনৰ লগত জড়িত হৈ পৰাৰ পাচতে নতুন প্ৰজন্মৰ লগতে বহুতে গ্ৰন্থ ক্ৰয় কৰিবলৈ এৰিছে ।
কাৰণ গ্ৰন্থ ক্ৰয় কৰি অধ্যয়ন কৰাতকৈ নৱপ্ৰজন্মই ইণ্টাৰনেটত অধ্যয়নৰ সুবিধা লাভ কৰিছে । উল্লেখযোগ্য যে, পূৰ্বে প্ৰায় ৭,০০০ খন অসমীয়া গ্ৰন্থ চাইবাৰ অপৰাধীৰ কবলত পৰিছিল । অৰ্থাৎ সাহিত্যৰ জগতো পৰিছে চাইবাৰ ক্ৰাইমৰ গৰাহত ৷
বহুতে খেদ প্ৰকাশ কৰে যে বহু কিতাপ সাহিত্যিকে কষ্টোপাৰ্জিত ধনেৰে প্ৰকাশ কৰে যদিও লাভতো বাদেই মূলধনো ওভোতাই পাবলৈ সক্ষম নহয় । গ্ৰন্থৰ সুবাস বিলাবলৈহে যেন পুৱা খোলা হয় পাণবজাৰৰ প্ৰতিখন ব্যৱসায়িক প্ৰতিস্থান । উল্লেখযোগ্য যে, বহুতে আজিকালি অনলাইন ডেলিভাৰীৰ জড়িয়তেও কিনিবলৈ আৰম্ভ কৰিছে গ্ৰন্থ । যাৰ ফলস্বৰূপে মাধমাৰ খাইছে ব্যৱসায়ীসকলে ।
Published by: Subham Goswami
FIRST PUBLISHED : March 27, 2023, 17:43 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।