গুৱাহাটী, ৮ মাৰ্চ: ৰঙৰ উৎসৱ, ফাঁকুৱা, ফল্গুৎসৱ, দৌলোৎসৱ আদি বিভিন্ন নামেৰে পৰিচিত ফাগুনৰ এই উৎসৱ ৷ ৰঙৰ উৎসৱ নামেৰে পৰিচিত হোলী উৎসৱ ফাগুন মাহৰ পূৰ্ণিমাৰ দিনা পালন কৰা হয়।
সমগ্ৰ ভাৰতবৰ্ষতে হিন্দুসকলৰ এই প্ৰাচীনতম উৎসৱ পালন কৰা হয়। এই উৎসৱ প্ৰাচীন মদন পূজাৰ এক আনুষংগিক উৎসৱ। শ্ৰীকৃষ্ণ বা বিষ্ণুক উদ্দেশ্য কৰি এই উৎসৱ পালন কৰা হয়।
ধৰ্মীয় আৰু লৌকিক পৰম্পৰাৰে পালন কৰা হোলী উৎসৱৰ সৃষ্টিৰ সৈতে বহুতো পৌৰাণিক আখ্যানো জড়িত হৈ আছে। হিৰণ্যকশিপু আছিল প্ৰাচীন ভাৰতৰ এজন ৰজা। তেওঁ অসুৰ আছিল। ভগৱান বিষ্ণুৱে হত্যা কৰা ভায়েকৰ মৃত্যুৰ প্ৰতিশোধ ল’ব বিচাৰিছিল হিৰণ্যকশিপুৱে।
গতিকে নিজকে শক্তিশালী কৰিবলৈ তেওঁ বছৰ বছৰ ধৰি তপস্যা কৰিছিল। অৱশেষত তেওঁ বৰ লাভ কৰিছিল। কিন্তু ইয়াৰ বাবেই হিৰণ্যকশিপুৱে নিজকে ভগৱান বুলি গণ্য কৰিবলৈ ধৰিলে আৰু তেওঁ অত্যাচাৰী হৈ উঠিল।
হিৰণ্যকশিপুৰ প্ৰহ্লাদ নামৰ এজন পুত্ৰ আছিল আৰু তেওঁ ভগৱান বিষ্ণুৰ উগ্ৰ ভক্ত আছিল। হিৰণ্যকশিপুৱে প্ৰহ্লাদক বাৰে বাৰে বিষ্ণুক পূজা কৰাত বাধা আৰোপ কৰিছিল।
প্ৰহ্লাদে কেতিয়াও পিতৃৰ আজ্ঞা পালন নকৰি বিষ্ণু ভগৱানক পূজা কৰি থাকিল। এই কথাত খং উঠি হিৰণ্যকশিপুৱে পুত্ৰক হত্যা কৰাৰ সিদ্ধান্ত ল’লে। হিৰণ্যকশিপুৰ ভগ্নীৰ নাম আছিল হোলিকা।
হোলিকাই বৰদান পাইছিল যে তেওঁক কেতিয়াও জুয়ে নোপোৰে। তেওঁ ভনীয়েক হোলিকাক প্ৰহ্লাদক কোলাত লৈ জুইত বহিবলৈ নিৰ্দেশ দিলে। কিন্তু হোলিকাৰ কোলাত বহি প্ৰহ্লাদে ভগৱান বিষ্ণুৰ নাম জপ কৰি থাকিল আৰু তেওঁৰ প্ৰাণ ৰক্ষা পৰিল।
ইফালে বিশেষ আশীৰ্বাদ থকা সত্ত্বেও হোলিকা জ্বলি ছাই হৈ গ’ল। হোলিকাৰ এই দহন অশুভ শক্তিৰ ধ্বংসৰ প্ৰতীক বুলি মনা হয়। হোলিকাই মৃত্যুক্ষণত নিজৰ ভুল বুজিব পাৰি প্ৰহ্লাদৰ ওচৰত ক্ষমা-প্ৰাৰ্থনা কৰে।
প্ৰহ্লাদে বৰ দিলে যে মৃত্যুৰ পিছত বছৰত অন্ততঃ এদিন মানুহে হোলিকাক স্মৰণ কৰিব। এই হোলিকাৰ পৰাই হোলী শব্দৰ সৃষ্টি হৈছে বুলি বহুতে ক'ব খোজে। সেয়ে বিভিন্ন ঠাইত ফাঁকুৱাৰ আগদিনা অপশক্তি হোলিকাক দাহ কৰা হয়।
ঠিক তেনেদৰে ভিন্ন ৰং হোলীৰ অংগ হৈ পৰিছিল। এই কাহিনী ভগৱান বিষ্ণুৰ অৱতাৰ ভগৱান শ্ৰীকৃষ্ণৰ সময়ৰ পৰাই আৰম্ভ হৈছে। বিশ্বাস কৰা হয় যে ভগৱান শ্ৰীকৃষ্ণই প্ৰথমে ৰঙেৰে হোলী উদযাপন কৰিছিল।
সেয়েহে হোলী ৰঙৰ উৎসৱ হিচাপে জনপ্ৰিয় হৈ পৰিছিল। বৃন্দাবন আৰু গকুলত বন্ধু-বান্ধৱীৰ সৈতে হোলী উদযাপন কৰিছিল শ্ৰীকৃষ্ণই। অসমত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে নগাঁৱৰ বৰদোৱা ধামত অৰ্থাৎ পাতেকীবাৰীত এই ফল্গু উৎসৱৰ পাতনি মেলিছিল।
শংকৰদেৱৰ একৈশ বছৰ বয়সত বৰদোৱা ধামত সাতখলপীয়া বৈকুণ্ঠৰ পট কৰি লৈ বলোৰাম আতৈক ফাঁকুগুড়ি আনিবলৈ মৰুৱাপুৰলৈ পঠাই দহ দিনৰ অন্তত সাতটা কড়িৰ বিনিময়ত সাত কলহ প্ৰাকৃতিক ফাঁকুগুড়ি আনিছিল।
Published by: Gautam Barman
FIRST PUBLISHED : March 08, 2023, 20:58 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।