এটা দিনৰ বাবে স্তব্ধ গুৱাহাটীৰ (Guwahati) ব্যৱসায়ীক প্ৰাণ কেন্দ্ৰ ফাঁচীবজাৰ (Fancy Bazar) ৷ বেহাৰ বিপৰীতে শুকুৰবাৰৰ দিনটোত ফাঁচীবজাৰত দেখা গ'ল মাথোন গীত, নৃত্য আৰু আবিৰ ৷ ব্যৱসায় বন্ধ কৰি হোলী দিনটো পৰিয়ালৰ সতে উপভোগ কৰিলে সকলোৱে ৷
বিগত দুবছৰে হোলী আনন্দৰ পৰা বিৰত থকা ফাঁচীবজাৰত শুকুৰবাৰে দেখা গল বিশেষ পৰিবেশ ৷ বন্ধ থাকিল ফাঁচীবজাৰ ৷ তথাপি হোলীৰ আনন্দ লবলৈ ফাঁচীবজাৰলৈ ওলাই আহিল হাজাৰ হাজাৰ লোক ৷ একেলগে সমাগম ঘটিল ভিন্ন প্ৰান্তৰ হাজাৰ হাজাৰ লোকৰ ৷ স্বেচ্চাসেৱী এক অনুষ্ঠানৰ উদ্যোগত ব্যস্ততাপূৰ্ণ অঞ্চলটোৰ পুৰণি জেলৰ সন্মুখত অনুষ্ঠিত হল এই ব্যাপক কাৰ্য্যসূচী ৷ দিনৰ ২ বজালৈ অনুষ্ঠিত হোৱা অনুষ্ঠানত ফাচীবজাৰৰ আকাশ বতাহ হৈ পৰিল ৰঙীন ৷ অনুষ্ঠানত অংশ ললে কিশোৰ কিশোৰী যুৱক যুৱতী তথা বয়োজেষ্ঠ ৷ এটা দিনৰ বাবে হোলীৰ আনন্দ লবলৈ ওলাই আহিল সকলো ৷ জাতি ধৰ্ম ভাষা নিৰ্বিশেষে উচ্চ নীচ সকলো অংশ ল'লে গীত-নৃত্যৰ লগতে আবিৰ দিয়াত ৷ এক মনোৰম পৰিৱেশত আনন্দ লৈ প্ৰশাসনে বান্ধি দিয়া নিৰ্দিষ্ট সময়ত সকলো উভতিল নিজ গৃহলৈ ৷ সচাকৈ এয়া এক সুকীয়া আনন্দ ৷৷