হিমন্ত বিশ্ব শৰ্মাই হ’ব নতুন মুখ্যমন্ত্ৰী। আনুষ্ঠানিক ঘোষণাহে বাকী! কাইলৈ মুখ্যমন্ত্ৰী হিচাপে শপত ল'ব হিমন্ত বিশ্ব শৰ্মাই।
ইতিমধ্যে পদত্যাগ পত্ৰ দিবৰ বাবে ৰাজভৱনলৈ ৰাওনা হৈছে সৰ্বানন্দ সোণোৱাল। এই মূহূৰ্তত মুখ্যমন্ত্ৰীৰ বাসভৱনতে আছে হিমন্ত বিশ্ব শৰ্মা।
পদত্যাগ পত্ৰ দি পুনৰ সোণোৱাল আহিব বাসভৱনত। তাৰ পিছত একেলগে হিমন্তৰ সৈতে বিধায়িনী দলৰ বৈঠকলৈ ৰাওনা হ’ব একেলগে।
উল্লেখ্য যে বিজেপিৰ বিধায়ক সূৰেণ ফুকনে ইতিমধ্যে হিমন্ত বিশ্বই নতুন মুখ্যমন্ত্ৰী হ’ব বুলি মন্তব্য কৰিছে সংবাদমাধ্যমত।
Published by:Manjumoni Borah
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|