বিজেপিৰ বিধায়িনী দলৰ নেতা নিৰ্বাচিত হোৱাৰ পিছতে সৰ্বানন্দ সোণোৱালক প্ৰশংসাৰে উপচাই পেলালে পৰৱৰ্তী মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।
"মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ নেতৃত্বত বিজেপিয়ে জাতিটো বহু আগুৱাই নিবলৈ সক্ষম হৈছে, সোণোৱালৰ নেতৃত্বত পাঁচটা বছৰত মূল্যবোধৰ ৰাজনীতি দেখিছিলোঁ" বুলি মন্তব্য হিমন্ত বিশ্বৰ।
চন্দ্ৰৰো দাগ থাকে, কিন্তু সৰ্বানন্দ সোণোৱালৰ নেতৃত্বত চৰকাৰৰ এটাও দাগ নোহোৱাকৈ পাঁচটা বছৰ সম্পূৰ্ণ কৰিছিল : হিমন্ত বিশ্ব শৰ্মা।
"সৰ্বানন্দ সোণোৱাল আমাৰ নেতা আছিল আৰু নেতা হৈ থাকিব" বুলি মন্তব্য কৰি হিমন্ত বিশ্বই কয়, "জাতিটোক সেৱা কৰিবলৈ প্ৰেৰণা দিয়াৰ বাবে মোৰ ফালৰ পৰা আৰু পৰিয়ালৰ ফালৰ পৰাও সোণোৱাল ডাঙৰীয়াক ধন্যবাদ। সোণোৱাল ডাঙৰীয়াৰ মূল্যবোধৰ ৰাজনীতি অক্ষুণ্ণ ৰাখিম।"
স্বাধীনতাৰ পিছতে এইখনেই প্ৰথম অকংগ্ৰেছী চৰকাৰ যি ক্ৰমাগতভাবে দ্বিতীয়বাৰৰ বাবে চৰকাৰ গঠন কৰিব বুলি উল্লেখ কৰি বিজেপি মিত্ৰজোঁটৰ এই সফলতাৰ বাবে ভাৰতীয় জনতা পাৰ্টীৰ সকলো কৰ্মী, অগপ আৰু ইউ পি পি এলৰ কৰ্মকৰ্তাসকলক ধন্যবাদ জনায় হিমন্ত বিশ্ব শৰ্মাই।
শেষত কবি নলিনীবালা দেৱীৰ ‘জনমভূমি’ কবিতাটো আওৰাই অসমবাসীৰ চৰণত সেৱা জনাই ভাষণ সামৰে হিমন্ত বিশ্বই।
Published by:Manjumoni Borah
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|