১০ মে'ত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা চৰকাৰে সম্পূৰ্ণ কৰিলে এবছৰ। ৰাজ্যজুৰি মঙলবাৰে বিজেপি মিত্ৰজোঁট চৰকাৰক সকলো স্তৰৰ লোকে প্ৰশংসাৰে উপচাই দিছে। ইয়াৰ মাজতে ভাইৰেল হৈছে এটি কণমানিৰ এটি ভিডিঅ'। ভিডিঅ'টোত শৰ্মা চৰকাৰক লৈ এটি গান গাইছে কণমানিটিয়ে। এই ভিডিঅ'টোত আন বহুতৰ লগতে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰীয়ে নিজেও।
এইগৰাকী কণমানিয়ে নিজৰ ভিডিঅ'টোত কৈছে যে তেওঁৰ গানটো শুনিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আৰু ১০ গুণ অধিক উদ্যমেৰে কাম কৰিব পাৰিব।
মুখ্যমন্ত্ৰীয়ে লিখিছে, "আভিভূত আৰু আপ্লুত হ'লোঁ, লিটল বাৰ্বি!
এইটো আমাৰ চৰকাৰৰ প্ৰথম বাৰ্ষিকীত এটা প্ৰকৃত মিঠা প্ৰশংসা। মই তোমাক অন্তৰৰ পৰা ধন্যবাদ জনাইছো আৰু অসমক শীৰ্ষ-৫ খন উন্নত ভাৰতীয় ৰাজ্যৰ ভিতৰত স্থান দিয়াৰ প্ৰতি শ্ৰদ্ধা প্ৰকাশ কৰিছো। কোনোবা দিনা তোমাক লগ পাবলৈ বাট চাই আছো। ঈশ্বৰে আশীৰ্বাদ কৰক..."
সেইজনেই হ'ল আমাৰ হিমন্ত...শীৰ্ষক গানটোৰে মুখ্যমন্ত্ৰীৰ হৃদয় জিনিছে এইগৰাকী কণমানিয়ে।
Published by:Manjumoni Borah
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|