মুখ্যপৃষ্ঠা »খবৰ »অসম »জাৰ্মানীৰ বিশ্ববিখ্যাত তাৰকা খেলুৱৈ আলেকজেণ্ডাৰ ৱাছকে গুৱাহাটীত ! গুৱাহাটীত হ'ব অত্যাধুনিক টেনিছ চেন্টাৰ ...

জাৰ্মানীৰ বিশ্ববিখ্যাত তাৰকা খেলুৱৈ আলেকজেণ্ডাৰ ৱাছকে গুৱাহাটীত ! গুৱাহাটীত হ'ব অত্যাধুনিক টেনিছ চেন্টাৰ ...

অসম টেবুল টেনিছৰ সৈতে জাৰ্মানীৰ আলটেভোল আলেকজেন্ডাৰ ৱাছকে টেনিছ ইউনিভাৰ্ছিটিৰ চুক্তি সম্পাদিত হ'ল।

অসম টেবুল টেনিছৰ সৈতে জাৰ্মানীৰ আলটেভোল আলেকজেন্ডাৰ ৱাছকে টেনিছ ইউনিভাৰ্ছিটিৰ চুক্তি সম্পাদিত হ'ল।

  • Share this:
অসমৰ ক্ৰীড়াজগতৰ বাবে এক সুখবৰ। গুৱাহাটীত হ'ব অত্যাধুনিক টেনিছ চেন্টাৰ। অসম টেনিছ সন্থাই লৈছে এই বিশেষ পদক্ষেপ। অসম টেনিছৰ সৈতে জাৰ্মানীৰ আলটেভোল - আলেকজেন্ডাৰ ৱাছকে টেনিছ ইউনিভাৰ্ছিটিৰ ইতিমধ্যে এক চুক্তি সম্পাদিত হৈছে।

উল্লেখযোগ্য যে জাৰ্মানীৰ ৰাজধানী চহৰ বাৰ্লিনৰ আলেকজেণ্ডাৰ ৱাছকে হ'ল বিশ্বৰ এগৰাকী তাৰকা খেলুৱৈ। আলেকজেণ্ডাৰ ৱাছকেৰ একাডেমীৰ সৈতে যুটী বান্ধি অসমৰ পৰা যাতে জুনিয়ৰ গ্ৰেন্ডশ্লেম খেলুৱৈ উলিয়াব পাৰে তাৰ বাবে ৰাজ্যিক টেনিছ সন্থাই লৈছে এই বিশেষ পদক্ষেপ। গুৱাহাটীৰ চচলৰ টেনিছ প্ৰকল্পত অনুষ্ঠিত সংবাদ মেলত অসম টেনিছ সন্থাৰ সভাপতি ৰক্তিম শইকীয়া, সন্থাৰ সাধাৰণ সম্পাদক অংকুশ দত্তই অংশগ্ৰহণ কৰে। জাৰ্মানীৰ বিশ্ব বিখ্যাত তাৰকা খেলুৱৈ আলেকজেণ্ডাৰ ৱাছকেও শনিবাৰে গুৱাহাটীত সাংবাদিকক সম্বোধন কৰে। সংবাদমেলৰ অন্তত নিউজ ১৮ৰে হোৱা আছুতীয়া সাক্ষাৎকাৰত আলেকজেণ্ডাৰ ৱাছকে অসম বিশেষকৈ গুৱাহাটীৰ পৰিৱেশক প্ৰশংসা কৰে। অসমৰ টেনিছ প্ৰতিভাৰো শৰাগ লয় বিশ্ব বিখ্যাত টেনিছ খেলুৱৈ গৰাকীয়ে।

তোমাৰ চহৰৰ পৰা(গুৱাহাটী)

গুৱাহাটী

শেহতীয়া বাতৰি