মুখ্যপৃষ্ঠা »খবৰ »অসম »মহানগৰীৰ ৰাজপথত অন্য ৰূপত আৰক্ষী আয়ুক্ত, হেলমেট নিপিন্ধা মটৰচাইকেলচালকক ধৰি গতালে আৰক্ষীক

মহানগৰীৰ ৰাজপথত অন্য ৰূপত আৰক্ষী আয়ুক্ত, হেলমেট নিপিন্ধা মটৰচাইকেলচালকক ধৰি গতালে আৰক্ষীক

সঘনাই সংঘটিত হৈ অহা পথ দুৰ্ঘটনা (Road accidents)ৰ বাবে উদ্বেগ প্ৰকাশ কৰে আৰক্ষী আয়ুক্তগৰাকীয়ে।

সঘনাই সংঘটিত হৈ অহা পথ দুৰ্ঘটনা (Road accidents)ৰ বাবে উদ্বেগ প্ৰকাশ কৰে আৰক্ষী আয়ুক্তগৰাকীয়ে।

সঘনাই সংঘটিত হৈ অহা পথ দুৰ্ঘটনা (Road accidents)ৰ বাবে উদ্বেগ প্ৰকাশ কৰে আৰক্ষী আয়ুক্তগৰাকীয়ে।

  • Share this:

মহানগৰীৰ ৰাজপথত আজি অন্য ৰূপত দেখা গ'ল আৰক্ষী আয়ুক্ত হাৰমিত সিঙ (Harmeet Singh)ক। হেলমেট পৰিধান নকৰা বাইক আৰোহীৰ ওপৰত অভিযান চলায় হাৰমিত সিঙে।


মহানগৰীৰ ধাৰাপুৰ, আজাৰাৰ ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথত  হেলমেট নিপিন্ধাকৈ মটৰচাইকেল চলাই ফুৰা (riding motorcycles without helmet) একাংশ লোকক আৰক্ষী আয়ুক্তই নিজ হাতে ধৰি গতাই দিয়ে আজাৰ আৰক্ষীক।


 সঘনাই সংঘটিত হৈ অহা পথ দুৰ্ঘটনা (Road accidents)ৰ বাবে উদ্বেগ প্ৰকাশ কৰি আৰক্ষী আয়ুক্তগৰাকীয়ে সাৱধানতা অৱলম্বন কৰাৰ লগতে হেলমেট পৰিধান কৰিবলৈ মটৰচাইকেল আৰোহীক বিনম্ৰভাৱে অনুৰোধ জনায়।


গুৱাহাটীৰ পৰা বিমানবন্দৰলৈ আহি থকা অৱস্থাত ৰাজপথত  হেলমেট (helmet) নিপিন্ধা মটৰচাইকেল আটাইকেইগৰাকী চালকক আয়ুক্তগৰাকীৰ লগতে আয়ুক্তগৰাকীৰ দেহৰক্ষী বাহিনীয়ে দৰি আজাৰা আৰক্ষীক গতাই দিয়ে।


আৰক্ষী আয়ুক্ত হাৰমিত সিঙে কয় যে হেলমেট পৰিধান নকৰা আৰু বিপৰীত পথেৰে বাইক বা অন্য বাহন ৰাজপথত চলোৱা লোকক উচিত শাস্তি বিহা হব আগন্তুক দিনত।


 Read all News in Assamese, Assam News Today, Entertainment News in Assamese, Business News in Assamese, Sports News in Assamese, Health News in Assamese, India News in Assamese

তোমাৰ চহৰৰ পৰা(গুৱাহাটী)

গুৱাহাটী

শেহতীয়া বাতৰি