থলুৱা শিপিনীয়ে বৈ উলিওৱা গামোচাখনৰ বেপাৰক লৈও শেহতীয়াকৈ নামি পৰিছে এচাম মধ্যভোগী ৷ ৰাজ্য চৰকাৰে অসমৰ শিপিনীক লৈ ইতিমধ্যেই কেতবোৰ প্ৰশংসনীয় সিদ্ধান্ত গ্ৰহণ কৰিছে। এইবাৰ ব'হাগত থলুৱা শিপিনীৰ পৰা ১০০ কোটি টকাৰ গামোচা চৰকাৰে ক্ৰয় কৰিব বুলি পূৰ্বতে ঘোষণা কৰিছে ৷
ইতিমধ্যে পাৱাৰলুমৰ গামোচাৰ বিক্ৰী বন্ধ কৰি দিয়া হৈছে। চৰকাৰ তথা প্ৰশাসনে পাৱাৰলুমৰ গামোচাৰ বিৰুদ্ধে অভিযানো আৰম্ভ কৰিছে। কিন্তু ইয়াৰ মাজতে প্ৰকৃত অসমীয়া শিপিনীৰ গামোচা যোগানৰ নামত একাংশ মধ্যভোগী সক্ৰিয় হৈ পৰাৰ অভিযোগ উঠিছে ৷ শিপিনীৰ পৰা কম দামত গামোচা ক্ৰয় কৰি বজাৰ তথা অন্য ব্যৱসায়ীক বেছি লাভত বিক্ৰী কৰাৰ ভয়ংকৰ অভিযোগ উত্থাপন হৈছে।
ফলস্বৰূপে অসুবিধাত পৰিছে বহু ব্যৱসায়ী। বিশেষকৈ নগাওঁ জিলাৰ লগতে শুৱালকুছি আৰু ইয়াৰ দাতিকাষৰীয়া অঞ্চল ৰামদিয়া, হালোগাওঁ, বামুন্দী, বাথান আদিকে ধৰি বহু গাঁৱৰ পৰা গামোচা আমদানি হয়। উত্তৰ গুৱাহাটীৰ পৰাও গামোচা আমদানি হয়। বৰ্তমান বজাৰত ১৫০ টকাৰ পৰা উপলদ্ধ থলুৱা গামোচা।
অন্যহাতে টচ মুগাৰ দুয়োফালে ফুল থকা ৭০ ছেণ্টিমিটাৰৰ এখন গামোচাৰ মূল্য ৯০০ টকা হোৱাৰ বিপৰীতে টচ পাটৰ এখন ৯০ ছেণ্টিমিটাৰ গামোচাৰ মূল্য ১৪০০ টকাকৈ খুছুৰা বজাৰত বিক্ৰী হৈছে। বৰ্তমান প্ৰশাসনে পাৱাৰলুমৰ গামোচাৰ বিৰুদ্ধে যি অভিযান চলাইছে তেনে ধৰণৰ অভিযান মধ্যভোগী চক্ৰৰ বিৰুদ্ধেও আৰম্ভ কৰিলে গ্ৰাহক তথা বহু ব্যৱসায়ী উপকৃত হ'ব বুলি প্ৰকাশ কৰিছে খুছুৰা ব্যৱসায়ীসকলে ৷
Published by: Sehnaz Begum
FIRST PUBLISHED : March 22, 2023, 17:23 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।