মুখ্যপৃষ্ঠা »খবৰ »অসম »Guwahati Water Supply: জাইকাৰ পানী ল'বলৈ আগ্ৰহী নহয় গুৱাহাটীবাসী ! এপৰ জৰিয়তে অনলাইনত কৰিব পাৰিব আৱেদন ...

Guwahati Water Supply: জাইকাৰ পানী ল'বলৈ আগ্ৰহী নহয় গুৱাহাটীবাসী ! এপৰ জৰিয়তে অনলাইনত কৰিব পাৰিব আৱেদন ...

২০২২ বৰ্ষৰ ২২ ডিচেম্বৰত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা আৰু জাইকা কৰ্তৃপক্ষৰ উপস্থিতিত মুকলি কৰা হৈছিল গুৱাহাটী পানী যোগান আঁচনি। প্ৰথম পৰ্যায়ত মহানগৰীৰ বিভিন্ন অঞ্চলৰ ১২,০০০ ঘৰৰ বাবে মুকলি কৰি দিয়া হৈছিল পানী যোগান ব্যৱস্থা।

  • Share this:
২০২২ বৰ্ষৰ ২২ ডিচেম্বৰত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা আৰু জাইকা কৰ্তৃপক্ষৰ উপস্থিতিত মুকলি কৰা হৈছিল গুৱাহাটী পানী যোগান আঁচনি। প্ৰথম পৰ্যায়ত মহানগৰীৰ বিভিন্ন অঞ্চলৰ ১২,০০০ ঘৰৰ বাবে মুকলি কৰি দিয়া হৈছিল পানী যোগান ব্যৱস্থা। কিন্তু মহানগৰবাসীৰ পৰা আৱেদন আহিল মাত্ৰ ৫০৪০ খন।তাৰে,ভিতৰত ৪৭০০ ঘৰ মানুহৰ ঘৰত জল বৰ্ডৰ অধীনত পানী সংযোগৰ ব্যৱস্থা কৰিছে জি এম ডিয়ে।পানী যোগানৰ ক্ষেত্ৰত এতিয়াও মহানগৰবাসীৰ পৰা নিৰ্দিষ্ট লক্ষ্যতকৈ অহা নাই আধা সংখ্যকতকৈ অধিক আৱেদন।

ঘৰে ঘৰে পানী দিয়াৰ লক্ষ্যৰে ১ মাৰ্চৰ পৰা জল বৰ্ডৰ অধীনত পুনৰ গুৱাহাটীবাসীৰ পৰা  আৱেদন লোৱাৰ ব্যৱস্থা কৰিব জি এম ডিয়ে।এইবাৰ গন্ধিবস্তি,নেহৰু ষ্টেডিয়াম,ইছলামপুৰ,হাজি মুচাফিৰখানা,আশ্ৰম ৰোড,বৰা ছাৰ্ভিচ,লাচিত নগৰ আৰু ৰাজগড়তপানী যোগানৰ বাবে বিচৰা হৈছে আৱেদন। দ্বিতীয় পৰ্যায়ত পাঁচ হাজাৰ লোকক পানী দিয়াৰ লক্ষ্য হাতত লৈছে জি এম ডিয়ে। এই অঞ্চলৰ লোক সকলে GGJB ৰ এপৰ জৰিয়তে অনলাইনত কৰিব পাৰিব আৱেদন । জাইকাৰ ঘৰুৱা পানী সংযোগৰ বাবে আৱেদন কৰা সকলে দিব লাগিব ৮৫০০ টকাকৈ আৰু প্ৰতি মাহত এক হাজাৰ লিটাৰ পানীত পৰিশোধ কৰিব লাগিব মাত্ৰ ২২ টকাকৈ। গুৱাহাটী জল বৰ্ডৰ অধীনৰ এই পানীত কোনো লোকে কৰিব নোৱাৰিব বৰিঙৰ ব্যৱস্থা। তাৰে বাবে লব লাগিব অনুমতি।ইয়াৰোপৰি,গুৱাহাটীৰ পানী সমস্যাৰ বাবে প্ৰত্যক দুটা মাহৰ মূৰে মূৰে গুৱাহাটীবাসীৰ পৰা বিচৰা হ'ব আৱেদন।

তোমাৰ চহৰৰ পৰা(গুৱাহাটী)

গুৱাহাটী

শেহতীয়া বাতৰি