২৭ মে'ৰ ভিতৰত গুৱাহাটীৰ মূল পথ আৰু উপ-পথসমূহত একাংশ লোকে বহুদিন ধৰি ৰখাই থোৱা বাহনসমূহ আঁতৰাই নিয়াৰ নিৰ্দেশ মহানগৰ যান–বাহন আৰক্ষীৰ। পথৰ কাষত দীৰ্ঘদিন ধৰি ৰখাই থোৱা পৰিত্যক্ত বাহনসমূহ ২৭ মে'ৰ ভিতৰত আঁতৰাব লাগিব।
যান–জঁটৰ সমস্যাৰ পৰা মহানগৰবাসীক সকাহ দিবলৈ শেহতীয়াকৈ এই পদক্ষেপ গুৱাহাটীৰ যান–বাহন আৰক্ষীৰ।
আনহাতে মহানগৰীত কোভিড সান্ধ্য আইন উলংঘা কৰা লোকৰ বিৰুদ্ধে অভিযান চলাই যান–বাহন শাখাৰ আৰক্ষীয়ে ৪ মে’ৰ পৰা ২২ মে’লৈ ১৪ লাখ ৮৪ হাজাৰ ৫০০ টকা জৰিমনা সংগ্রহ কৰাৰ লগতে ১,১৮৫ টা জৰিমনাৰ গোচৰ আৰু ৩,২০০টা এজাহাৰবিহীন গোচৰ ৰুজু কৰিছে ৷ সান্ধ্য আইন উলংঘা কৰাৰ অপৰাধত এই সময়ছোৱাত ৪৩৯খন বাহন জব্দ কৰিছে৷
ডিচিপি বৰাই থানাসমূহত পৰিত্যক্ত হৈ থকা বাহনসমূহ পৰিয়ালৰ পার্কিঙলৈ নিয়াৰ ব্যৱস্থা কৰা হৈছে বুলি জানিবলৈ দিয়ে৷
Published by: Manjumoni Borah
FIRST PUBLISHED : May 24, 2021, 17:25 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।