মুখ্যপৃষ্ঠা »খবৰ »অসম »Assam Youth Olympic: 'অসম যুৱ অলিম্পিক'-ত গুৱাহাটী মহানগৰীৰ কাবাদী দলৰ খেলুৱৈৰ বাছনি সম্পন্ন, কোনে পালে বাছনিত স্থান?

Assam Youth Olympic: 'অসম যুৱ অলিম্পিক'-ত গুৱাহাটী মহানগৰীৰ কাবাদী দলৰ খেলুৱৈৰ বাছনি সম্পন্ন, কোনে পালে বাছনিত স্থান?

কাবাদী খেলুৱৈসকলক ৰাষ্ট্ৰীয় পৰ্য্যায়ৰ খেলুৱৈ তথা অভিজ্ঞ প্ৰশিক্ষক ৰেকিবুদ্দিন আহমেদ আৰু নিউটন আলিয়ে বিগত ১৫ দিন ধৰি আজাৰাৰ হাটখোৱাপাৰা ঈদগাহ মৈদানত প্ৰশিক্ষণ দিয়ে।

কাবাদী খেলুৱৈসকলক ৰাষ্ট্ৰীয় পৰ্য্যায়ৰ খেলুৱৈ তথা অভিজ্ঞ প্ৰশিক্ষক ৰেকিবুদ্দিন আহমেদ আৰু নিউটন আলিয়ে বিগত ১৫ দিন ধৰি আজাৰাৰ হাটখোৱাপাৰা ঈদগাহ মৈদানত প্ৰশিক্ষণ দিয়ে।

  • Share this:
গুৱাহাটী মহানগৰীত পোন প্ৰথমবাৰৰ বাবে অনুষ্ঠিত হ'বলগীয়া 'অসম যুৱ অলিম্পিক' কাইলৈৰ পৰা আৰম্ভ হ'ব। অসমৰ খেলুৱৈৰ লগতে গুৱাহাটী মহানগৰীৰ খেলুৱৈসকলো ব্যস্ত হৈ পৰিছে অনুশীলনত। অসম যুৱ অলিম্পিক খেলৰ বাবে গুৱাহাটী কাবাদী দলৰ পুৰুষ খেলুৱৈ সকলৰ নাম আনুষ্ঠানিকভাৱে কালি ঘোষণা কৰা হ'ল।


অহা ২৩ জুলাইত গুৱাহাটীত আৰম্ভ হব প্ৰথমবাৰৰ বাবে 'অসম যুৱ অলিম্পিক'। অসমৰ খেলুৱৈসকল ব্যস্ত হৈ পৰিছে নিজৰ নিজৰ খেলৰ অনুশীলনত। তাৰ সমান্তৰালভাৱে গুৱাহাটী কাবাদী দলো ব্যস্ত হৈ পৰিছে কাবাদী খেলৰ অনুশীলনত। গুৱাহাটী কাবাদী সন্থাৰ তৰফৰ পৰা আজাৰাস্থিত হাটখোৱাপাৰাৰ ঈদগাহ মৈদানত গুৱাহাটীৰ পুৰুষ কাবাদী খেলুৱৈসকলক ১৫ দিনীয়া প্ৰশিক্ষণ দি বৃহস্পতিবাৰে ১০ জন কাবাদী খেলুৱৈক আনুষ্ঠানিকভাৱে বাছনি কৰে। গুৱাহাটী কাবাদী দলৰ বাবে বাছনি হোৱা খেলুৱৈসকল ক্ৰমে আজাৰাৰ আমান আহমেদ, মিৰ্জানুৰ হুছেইন, ৰবিউল হক, ইফটীকাৰ হুছেইন, মকিবুৰ ৰহমান, মনোৱাৰ আলি, আচিক আলি, জাকিৰ আলি, ৰাহুল আলি আৰু চহিদুল ইছলাম। আটাইকেইজন কাবাদী খেলুৱৈ মহানগৰীৰ আজাৰাৰ। এইসকল খেলুৱৈক ৰাষ্ট্ৰীয় পৰ্য্যায়ৰ খেলুৱৈ তথা অভিজ্ঞ প্ৰশিক্ষক ৰেকিবুদ্দিন আহমেদ আৰু নিউটন আলিয়ে বিগত ১৫ দিন ধৰি আজাৰাৰ হাটখোৱাপাৰা ঈদগাহ মৈদানত প্ৰশিক্ষণ দিয়ে। গুৱাহাটী কাবাদী দলে অসম যুৱ অলিম্পিক খেলত নিজৰ খেল প্ৰদৰ্শন কৰি বিজয় লাভ কৰিব বুলি আশাবাদী গুৱাহাটী কাবাদী সন্থাৰ সদস্যসকল।

তোমাৰ চহৰৰ পৰা(গুৱাহাটী)

গুৱাহাটী

শেহতীয়া বাতৰি