ৰাজ্যৰ সংবাদ জগতৰ জ্যেষ্ঠ ভিডিঅ' সাংবাদিক পূৰ্ণানন্দ শৰ্মা আৰু নাই। বৈদ্যুতিন সংবাদ মাধ্যমৰ এগৰাকী জ্যেষ্ঠ ভিডিঅ সাংবাদিক পূৰ্ণানন্দ শৰ্মা। সংবাদ জগতত 'ধনমণি দা' বুলি সকলোৱে সম্বোধন কৰা 'ধনমনি দা'ৰ অকাল বিয়োগত শোকৰ ছাঁ পৰিছে সংবাদ জগতত।
ৰাজ্যৰ সংবাদ জগতৰ জ্যেষ্ঠ ভিডিঅ' সাংবাদিক পূৰ্ণানন্দ শৰ্মা বৈদ্যুতিন সংবাদ মাধ্যম নিউজ লাইভৰ জ্যেষ্ঠ ভিডিঅ' সাংবাদিকৰূপে কৰ্মৰত আছিল। দীৰ্ঘদিন ধৰি দুৰাৰোগ্য ৰোগত আক্ৰান্ত হৈ আজি শেষ নিশ্বাস ত্যাগ কৰে জ্যেষ্ঠ ভিডিঅ' সাংবাদিক পূৰ্ণানন্দ শৰ্মাই। পূৰ্ণানন্দ শৰ্মা আছিল এগৰাকী সুদক্ষ ভিডিঅ' জাৰ্ণেলিষ্ট। সাংবাদিকতাত দীৰ্ঘদিনীয়া অভিজ্ঞতাৰে পুষ্ট পূৰ্ণানন্দ শৰ্মাৰ অকাল বিয়োগে শোকৰ ছাঁ পেলাইছে অসমৰ সংবাদ মাধ্যমত।
পূৰ্ণানন্দ শৰ্মাৰ বিয়োগত গভীৰ শোক প্ৰকাশ কৰিছে গুৱাহাটী প্ৰেছ ক্লাৱৰ পৰিয়াল বৰ্গইও। দীৰ্ঘদিন ধৰি স্বাস্থ্যজনিত সমস্যাত ভুগি আছিল তেওঁ। দেওবাৰে নাৰায়ণা ছুপাৰ স্পেচিয়েলিটি হাস্পতালত শেষ নিশ্বাস ত্যাগ কৰে জ্যেষ্ঠ ভিডিঅ' জাৰ্ণেলিষ্ট গৰাকীয়ে। তেওঁৰ বিয়োগে অকলশৰীয়া কৰি থৈ গ'ল পত্নীক। মালিগাওঁৰ ৰে'লৱে আৱাসত বসবাস কৰে পূৰ্ণানন্দ শৰ্মাৰ পৰিয়ালে। পত্নী ৰে'ল বিভাগৰ কৰ্মচাৰী। তেখেতৰ অকাল বিয়োগত গভীৰ শোকৰ ছাঁ পৰিছে সংবাদ জগতত।
Published by: Subham Goswami
FIRST PUBLISHED : March 05, 2023, 15:40 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।