মুখ্যপৃষ্ঠা »খবৰ »অসম »Guwahati News: ৰান্ধনি আৰু সহায়িকাৰ প্ৰতিবাদত কঁপিল চচলৰ প্ৰতিবাদস্থলী

Guwahati News: ৰান্ধনি আৰু সহায়িকাৰ প্ৰতিবাদত কঁপিল চচলৰ প্ৰতিবাদস্থলী

ৰান্ধনি আৰু সহায়িকাৰ প্ৰতিবাদত কঁপিল চচলৰ প্ৰতিবাদস্থলী

ৰান্ধনি আৰু সহায়িকাৰ প্ৰতিবাদত কঁপিল চচলৰ প্ৰতিবাদস্থলী

চাকৰি নিয়মীয়াকৰণ আৰু দৰমহা বৃদ্ধিৰ দাবী শ শ ৰান্ধনি আৰু সহায়িকাৰ

  • Share this:
ৰাজ্যৰ প্ৰাথমিক আৰু উচ্চ প্ৰাথমিক বিদ্যালয়ত ১,১৮,৯৯৮ গৰাকী ৰান্ধনি আৰু সহায়িকা কৰ্মৰত হৈ আছে ৷ মাত্ৰ ১৫০০টকা মাহিলী বেতনত কৰ্মৰত ৰান্ধনি আৰু সহায়িকাই সোমবাৰে বহিল প্ৰতিবাদত ৷ তেওঁলোকৰ চৰকাৰলৈ প্ৰশ্ন "মাত্ৰ ১৫০০টকাত কেনেদৰে চলিব এটা পৰিয়াল ?"

উল্লেখযোগ্য় যে, তেওঁলোকৰ অভিযোগ যে পূৰ্বেও  চৰকাৰক তেওঁলোকৰ দৰমহা বৃদ্ধি আৰু চাকৰি নিয়মীয়াকৰণ সন্দৰ্ভত বহুবাৰ অৱগত কৰিছে যদিও চৰকাৰে কোনো ধৰণৰ গুৰুত্ব প্ৰদান কৰা নাই ৷ সেয়ে চৰকাৰলৈ তেওঁলোকে এপ্ৰিল মাহৰ ১০ তাৰিখ দিলে তেওঁলোকৰ দাবী পূৰণৰ শেষ দিন ৷ ১০ তাৰিখৰ ভিতৰত যদি চৰকাৰে তেওঁলোকৰ দাবী মানি নলয় তেন্তে জনতা ভৱন ঘেৰাও কৰাৰ লগতে দিল্লীত ১০০ ৰান্ধনি আৰু সহায়িকাই মুণ্ডন কৰাৰো হুংকাৰ প্ৰদান কৰিছে ৷ সোমবাৰে তেওঁলোকে মুখ্যমন্ত্ৰীক সাক্ষাৎ কৰি তেওঁলোকৰ স্মাৰকপত্ৰ প্ৰদান কৰিব বিচাৰিছিল যদিও মুখ্যমন্ত্ৰীৰ অনুপস্থিতিত সৰ্বশিক্ষা বিভাগৰ বিষয়া আহি প্ৰতিবাদস্হলীত উপস্হিত হৈ স্মাৰকপ্ৰএ গ্ৰহন কৰিলে ৷

তোমাৰ চহৰৰ পৰা(গুৱাহাটী)

গুৱাহাটী

শেহতীয়া বাতৰি