মুখ্যপৃষ্ঠা »খবৰ »অসম »Guwahati Double Murder Update : এখন তেজলগা দা! স্বামী আৰু শাহুৱেকক হত্যা কৰিবলৈ বন্দনাই ক’ত বনাই আনিছিল দা?

Guwahati Double Murder Update : এখন তেজলগা দা! স্বামী আৰু শাহুৱেকক হত্যা কৰিবলৈ বন্দনাই ক’ত বনাই আনিছিল দা?

হত্যাকাণ্ডৰ পিছত মৃতদেহ খণ্ড খণ্ড কৰাৰ পিছতে বোন্দাজান অঞ্চলত পেলাই দিছিল তেজলগা দাখন।

হত্যাকাণ্ডৰ পিছত মৃতদেহ খণ্ড খণ্ড কৰাৰ পিছতে বোন্দাজান অঞ্চলত পেলাই দিছিল তেজলগা দাখন।

হত্যাকাণ্ডৰ পিছত মৃতদেহ খণ্ড খণ্ড কৰাৰ পিছতে বোন্দাজান অঞ্চলত পেলাই দিছিল তেজলগা দাখন।

  • Share this:
গুৱাহাটীৰ লোমহৰ্ষক ডাবল মাৰ্ডাৰৰ (Guwahati Murder) ঘটনাৰ তদন্ত চলি আছে। আজি আৰক্ষীয়ে এই চাঞ্চল্যকৰ হত্যাকাণ্ডৰ খলনায়িকা বন্দনা কলিতা (Bandana Kalita) আৰু দুই সহযোগী অৰূপ দাস আৰু ধনটি ডেকাক লগত লৈ নাৰেংগীৰ বোন্দা অঞ্চলত। পুৱাই তিনি অভিযুক্তক নুনমাটি থানাত আৰক্ষী আয়ুক্ত দিগন্ত বৰাই জেৰা কৰাৰ পিছত চলোৱা হয় অভিযান।

অভিযানত বোন্দাজানত উদ্ধাৰ হয় হত্যাকাণ্ডত ব্যবহাৰ হোৱা সেই দাখন। এখন দলঙৰ তলৰ পৰা আৰক্ষীয়ে উদ্ধাৰ কৰে দাখন। এই দাখনেৰেই বন্দনা আৰু দুই সহযোগীয়ে অমৰজ্যোতি আৰু শংকৰীক হত্যা কৰি টুকুৰা টুকুৰ কৰিছিল মৃতদেহ।

উল্লেখযোগ্য যে বন্দনাই পাথৰকোৱেৰীৰ এখন কমাৰৰ দোকানত বনাই আনিছিল এই দাখন। ৩৫০ টকাৰে দাখন কিনি আনিছিল বন্দনাই। যিখন দা ব্যৱহাৰ কৰা হৈছিল এই লোমহৰ্ষক হত্যাকাণ্ডত। হত্যাকাণ্ডৰ পিছত মৃতদেহ খণ্ড খণ্ড কৰাৰ পিছতে বোন্দাজান অঞ্চলত পেলাই দিছিল তেজলগা দাখন।

তোমাৰ চহৰৰ পৰা(গুৱাহাটী)

গুৱাহাটী

শেহতীয়া বাতৰি