শনিবাৰে বিয়লি মহানগৰীৰ পাণ্ডু অঞ্চলত এক ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হয়। জানিব পৰা মতে, পাণ্ডুৰ আনন্দনগৰত থকা গকুল ভিল্লা নামৰ এপাৰ্টমেণ্টৰ তলৰ মহলাত উক্ত অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হয়।
গ্ৰ'চাৰ নামৰ এখন ব্যৱসায়িক প্ৰতিষ্ঠানৰ দ্বাৰা জমা কৰি থোৱা বৃহৎ পৰিমাণৰ কাৰ্টনত হঠাৎ জুইৰ সূত্ৰপাত ঘটে। যাৰ ফলত অঞ্চলটোৰ চৌপাশে ক'লা ধোঁৱাই ছানি ধৰে। ঘটনা সন্দৰ্ভত একাংশ স্থানীয় লোকে পাণ্ডু জৰুৰী সেৱা আৰু অগ্নিনিৰ্বাপক বাহিনীৰ লোকক খবৰ দিয়ে। এই খবৰ পোৱাৰ মাত্ৰকে ঘটনাস্থলীত অগ্নিনিৰ্বাপক বাহিনীৰ দুখনকৈ বাহন উপস্থিত হয়। অগ্নিনিৰ্বাপক বাহিনীৰ লোকে অতি তৎপৰতাৰে এই জুই নিৰ্বাপন কৰে। এই অগ্নিকাণ্ডত কোনো লোক হতাহত হোৱা নাই। উল্লেখ্য যে, ব্যৱসায়িক প্ৰতিষ্ঠানখনৰ স্বত্বাধিকাৰীৰ হেমাহিৰ বাবে এই ঘটনা হোৱাৰ অভিযোগ আনিছে এপাৰ্টমেণ্টৰ আৱাসীসকলে। প্ৰতিষ্ঠানখনে দীৰ্ঘদিন ধৰি নীতিবহিৰ্ভুতভাৱে বৃহৎ মাত্ৰাত কাৰ্টন জমা কৰি অহা বুলিও একাংশ আৱাসীয়ে অভিযোগ উত্থাপন কৰিছে। এইক্ষেত্ৰত তেওঁলোকে জিলা প্ৰশাসন তথা আৰক্ষীক উচিত তদন্ত কৰিবলৈ আহ্বান জনাইছে। আনহাতে, অগ্নিকাণ্ডৰ সূত্ৰপাতৰ মূল কাৰণ এতিয়াও জানিব পৰা হোৱা নাই যদিও শ্বৰ্ট-চাৰ্কিটৰ ফলতেই হোৱা বুলি সন্দেহ কৰা হৈছে।