চাৰিদিনৰ অন্তত দিছপুৰ আৰক্ষীৰ জালত পৰিল দেৱদাৰু পথৰ হাউছ নং ৯ত সংঘটিত হোৱা ছুৰিকাঘাতৰ অভিযুক্ত আক্ৰমণকাৰী৷ মহানগৰীত আত্মগোপন কৰি থকা অৱস্থাতে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে অভিযুক্ত নয়ন কলিতাক৷ ১ ফেব্ৰুৱাৰীৰ নিশা শুই থকা অৱস্থাতে অভিযুক্ত নয়ন কলিতাই চুৰীৰে নৃশংসভাৱে আক্ৰমণ কৰিছিল ব্যৱসায়ী অভিজিত শইকীয়াক৷
গাড়ীচালক হিচাপে কামত নিয়োজিত থকা নয়নক পইচা ছুৰিৰ অভিযোগত কামৰ পৰা অব্যাহতি দিয়াই কাল হ'ল ভুক্তভোগী অভিজিতৰ৷ আৰক্ষীৰ তদন্তত পোৱা তথ্য মতে, একেটা ঘৰতে থকা অভিজিতৰ অধিবক্তা ভগ্নীয়ে পুনৰ নয়নক চালকৰূপে ৰখা কাৰ্যক সহজভাৱে লোৱা নাছিল৷ ফলত দুয়োৰে মাজত সৃষ্টি হৈছিল মতানৈক্যৰ৷ পৰৱৰ্তী সময়ত সেই মতানৈক্যই ৰূপ লৈছিল প্ৰতিশোধৰ৷
প্ৰতিশোধ পূৰণৰ উদ্দেশ্যেই সেইদিনা অভিজিতৰ ঘৰত পূৰ্বৰে পৰা খাপ পিটি আছিল নয়ন৷ যেতিয়া নিশা অভিজিত বিচনাত শুই পৰিছিল তেতিয়াই ছুৰীৰে উপৰ্যুপৰি পেট আৰু ভৰিত আক্ৰমণ কৰিছিল৷
অন্যহাতে, সমগ্ৰ ঘটনাক লৈ নয়নৰ মাতৃয়ে বিস্ফোৰক ভাষ্য প্ৰদান কৰিছে৷ সেইনিশা অভিজিত আৰু নয়নৰ মাজত কাজিয়াৰ সুত্ৰপাত হৈছিল৷ প্ৰথমে অভিজিতে প্ৰহাৰ কৰিছিল নয়নক৷ এই আক্ৰমণত আহত হৈছিল নয়ন কলিতা৷ পৰবৰ্তী সময়ত নয়নে ছুৰীৰে প্ৰতি আক্ৰমণ কৰিছিল অভিজিতক৷ যি হতাহতিৰ কথা নয়নে ঘৰত গৈ অৱগত কৰিছিল মাতৃক৷ পৰিয়ালকেন্দ্ৰীক সংঘাতৰ বাবেই চৰম ৰূপ ল'লে চালক আৰু গৰাকীৰ মাজৰ এই সংঘাতে৷
ভাতৃ অভিজিতক গুৰুত্ব নিদি অধিবক্তা ভগ্নীয়ে চালক হিচাপে পুনৰ নয়নক কামত নিয়োজিত কৰাক লৈ হোৱা এই সংঘাতৰ বাবেই সংঘটিত হ'ল নৃশংস ঘটনাতো৷ ঘটনাৰ অভিযুক্ত নয়ন আৰক্ষীৰ জালত পৰিল যদিও সমগ্ৰ ঘটনাত জড়িত থকা পৰিয়ালৰ বিৰুদ্ধে আৰক্ষীয়ে কেনেদৰে তদন্ত কৰে সেয়া হ'ব লক্ষণীয়৷
Published by: Sanjay Kumar Das
FIRST PUBLISHED : February 06, 2023, 15:21 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|