জীৱন ইনিচিয়েটিভৰ উদ্যোগত প্ৰতিবছৰে ব্ৰহ্মপুত্ৰৰ পাৰত আয়োজন কৰা চিলানৈ উৎসৱ একেৰাহে দ্বাদশবাৰৰ বাবে আয়োজন কৰা হৈছে। জীৱন ইনিচিয়েটিভ হৈছে ২০১০ চনত গঠন হোৱা স্বেচ্ছাসেৱক সংস্থা। সমাৰোহৰ সাংস্কৃতিক পৰিৱেশৰ জৰিয়তে ব্ৰহ্মপুত্ৰ পাৰৰ প্ৰতি সজাগতা সৃষ্টি কৰাই হৈছে ইয়াৰ উদ্দেশ্য। ২২ জানুৱাৰীৰ পৰা ২৯ জানুৱাৰীলৈ অনুষ্ঠানটি আয়োজিত হৈছে ফাঁচী বজাৰৰ সন্মুখৰ মধ্যমখণ্ড পাৰঘাটত।
এই আয়োজনৰ আঁৰৰ উদ্দেশ্য হৈছে ব্ৰহ্মপুত্ৰৰ প্ৰতি কৃতজ্ঞতা প্ৰকাশ কৰা আৰু নৈৰ পাৰত সৃষ্টিশীল সম্ভাৱনাৰ সন্ধান কৰা। অনুষ্ঠানৰ আগদিনা নদীৰ পাৰত পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ অভিযান চলোৱা হয়। কোনো ধৰণৰ আৱৰ্জনাৰ সৃষ্টি নকৰাকৈ নৈৰ পাৰক পৰিৱেশ অনুকূল কৰি ৰখাটো এই আয়োজনৰ মূল লক্ষ্য।
প্ৰথমদিনা অনুষ্ঠানৰ আৰম্ভণিতে বৈশালী নবা মেধিয়ে সুন্দৰ ভাৰতনট্যম নৃত্য পৰিৱেশন কৰে আৰু লগতে বহুকেইটি ব্যক্তিগত নৃত্য আৰু গীত পৰিৱেশন হোৱাৰ লগতে এটি মূকাভিনয়ো পৰিবেশিত হয়, ইয়াৰ পাছতে সন্দিকৈ ছোৱালী মহাবিদ্যালয়, ৰামপুৰ কৈৱৰ্ত ঢুলীয়া দল , আৰু বিশেষভাৱে খ্যাতিসম্পন্না শিল্পী অনিন্দিতা পালে সংগীতৰ শৰাই আগবঢ়ায়। আন্ধাৰ নামি অহাৰ লগে লগে আকাশৰ বন্তিৰ নান্দনিক পৰিৱেশ আছিল মহানগৰীৰ মাজত প্ৰাকৃতিক দৃশ্যপটৰ সৌন্দৰ্য।
উল্লেখনীয় যে ৰং বিৰঙী চিলাৰে ভৰা এই আয়োজনৰ লগত সংগতি ৰাখি কবিতা, গীত, নৃত্য, বাদ্য, ভলীবল, পাঞ্জা, লক্ষ্যভেদ আদি বহু প্ৰতিযোগিতা, কৰ্মশালা তথা ছবি আৰু ফটোৰ প্ৰদৰ্শনী, নদী পৰিভ্ৰমণ আদি কাৰ্যসূচী আয়োজিত হৈছে। লগতে সংযোজিত হৈছে থলুৱা খাদ্যৰ বিপণী।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|