আজি এগৰাকী মহিলাক নিশ্চিত মৃত্যুৰ পৰা অৱশেষত ৰক্ষা কৰিলে গুৱাহাটীৰ জালুকবাৰী আৰক্ষীয়ে। পুৰণি শৰাইঘাট দলঙ (Old Saraighat Bridge)ৰ পৰা মহিলাগৰাকীক উদ্ধাৰ কৰে জালুকবাৰী আৰক্ষীয়ে।
আত্মহত্যা কৰাৰ লক্ষ্যৰে পুৰণি শৰাইঘাট দলঙত উপস্থিত হৈছিল এইগৰাকী মহিলা। জানিব পৰা মতে মহাৰাষ্ট্ৰৰ নাগপুৰ (Nagpur, Maharashtra)ৰ বাসিন্দা মহিলাগৰাকী। কিন্তু জালুকবাৰী আৰক্ষীৰ ততপৰতাত প্ৰাণৰক্ষা পৰে মহিলাগৰাকীৰ। আৰক্ষীয়ে উদ্ধাৰ কৰে শৰাইঘাট দলঙৰ পৰা জাঁপ ব্ৰহ্মপুত্ৰত দি আত্মহত্যা কৰিব ওলোৱা মহিলাগৰাকীক।
উল্লেখ্য যে বিগত সময়ত বিভিন্নজনে শৰাইঘাট দলঙৰ পৰা লুইতত জাঁপ দি আত্মহত্যাৰ চেষ্টা কৰিছে আৰু কেইবাজনে প্ৰাণত্যাগো কৰিছে। এনে পৰিস্থিতিত শেহতীয়াকৈ আৰক্ষীয়ে শৰাইঘাট দলঙৰ আশে-পাশে চোকা নজৰ ৰাখিছে। আজি উদ্ধাৰ কৰা মহিলাগৰাকীক পিছত চিকিতসালয়লৈ প্ৰেৰণ কৰা হয়।
Published by:Manjumoni Borah
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|