নুনমাটি অসম জাতীয় বিদ্যালয়ৰ (Assam Jatiya Bidyalay) স্কাউট গাইডৰ ট্ৰুপে (The Bharat Scouts and Guides) গুৱাহাটীস্থিত অসম ৰাজ্যিক চিৰিয়াখানা (Assam State Zoo) প্ৰাংগণত যোৱা ইংৰাজী ৫ ফেব্ৰুৱাৰী তাৰিখে চাফাই অভিযান চলায়। তেওঁলোকে স্কাউটৰ নীতি পালন কৰি সমাজৰ হকে শ্ৰম আগবঢ়ায়।
স্কাউটসকলে চিৰিয়াখানাৰ সন্মুখভাগ প্লাষ্টিকমুক্ত (Plastic free Campaign) কৰিবলৈ চেষ্টা কৰাৰ লগতে ৰাইজক প্লাষ্টিক ব্যৱহাৰ নকৰিবলৈ বুজনি দিয়ে। এই সজাগতা অভিযানৰ বাবে স্কাউট গাইডসকলে সচেতন ৰাইজৰ প্ৰশংসা লাভ কৰে।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|