খিৰিকীৰ গ্ৰীল কাটি ঘৰত সোমাইছিল ডকাইত ৰূপী দুৰ্বৃত্ত! ছাৰ্ভেৰ চন্দননগৰ এলেকাৰ দুই বয়োবৃদ্ধ ননী গোপাল বৰুৱা আৰু মীনা বৰুৱাৰ মৃতদেহ পুৱা তেজৰ ডোঙাত উদ্ধাৰ হোৱাৰ পিছতে আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে। প্ৰাথমিক ধাৰণা মতে, দুৰ্বৃত্তই এখন ভঙা খিৰিকীৰে ঘৰত প্ৰৱেশ কৰি ঘৰৰ বহুকেইটা বহুমূলীয়া বস্তু লৈ উধাও হয়। ঘৰৰ দুৱাৰসমূহো ভঙা অৱস্থাত উদ্ধাৰ হৈছে।
পুৱা কেয়াৰটেকাৰ জনে ব্ৰেকফাষ্ট দিবলৈ যাওঁতে খিৰিকীৰ গ্ৰীল কটা অৱস্থাত প্ৰত্যক্ষ কৰে। জানিব পৰা মতে পুৱা বহুদেৰিলৈকে ঘৰৰ কাষেৰে পাৰ হৈ যাওঁতে অস্বাভাৱিকভাৱে দুৱাৰ বন্ধ থকাত সন্দেহ উপজাত ঘটনাটো পোহৰলৈ আহে।
কোনো চোকা অস্ত্ৰৰে মূৰত আঘাত কৰি বয়োবৃদ্ধ দম্পত্তিক হত্যা কৰাৰ সন্দেহ কৰা হৈছে। দুয়োকে তেজৰ ডোঙাৰ মাজত উদ্ধাৰ কৰা হয়। শোৱাপাটীতে কোনে এনেকৈ হত্যা কৰিলে তাক লৈ সৃষ্টি হৈছে চাঞ্চল্যৰ।
মহানগৰীৰ এই লোমহৰ্ষক হত্যাকাণ্ডই এতিয়া সকলোৰে মনত প্ৰশ্নৰ উদ্ভৱ কৰিছে সুৰক্ষা আৰু নিৰাপত্তাক লৈ। অকলশৰে থকা অন্যান্য বয়োবৃদ্ধ দম্পত্তি আৰু পৰিয়ালৰ মনতো উদ্ভৱ হৈছে শংকাৰ।
দম্পতীৰ দুই কন্যা সন্তান কৰ্মসূত্ৰে লণ্ডন আৰু মুম্বাইৰ বাসিন্দা ৷ ইতিমধ্যে আৰক্ষীয়ে কেয়াৰটেকাৰ আকাশ চৌধুৰী আৰু পত্নীক সোধা–পোচা কৰিছে।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|