মহানগৰীৰ ডাবল মাৰ্ডাৰ ঘটনাৰ তদন্ত অব্যাহত আছে। আজিও আৰক্ষীয়ে বন্দনা কলিতা আৰু হত্যাকাণ্ডৰ দুই সহযোগী অৰূপ আৰু ধনটিক লগত লৈ নুনমাটিত চলাইছে অভিযান। পুৱাই বন্দনা কলিতাক পাণবজাৰ মহিলা থানাৰ পৰা লৈ যায় আৰক্ষীয়ে। নুনমাটি থানাত আৰক্ষীয়ে জেৰা চলায় তিনি অভিযুক্তক।
তাৰ পিছতে তিনি অভিযুক্তক লগত লৈ এই নৃশংস হত্যাকাণ্ডত ব্যৱহাৰ কৰা দা বা চোকা অস্ত্ৰ বিচাৰি আৰক্ষীয়ে চলাইছে অভিযান। আৰক্ষী আয়ুক্তৰ জেৰাৰ পিছতে তিনি অভিযুক্তক লৈ বোন্দাজানত আৰক্ষীয়ে চলাইছে অভিযান।
Published by: Sanjay Kumar Das
FIRST PUBLISHED : February 23, 2023, 14:56 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।