মহানগৰীৰ ডাবল মাৰ্ডাৰ (Guwahati Double Murder) তিনি অভিযুক্তৰ ডিএনএ ছেম্পল সংগ্ৰহ। জি এম চি এইচৰ মৰ্গত ফৰেনচিক আৰু চিকিৎসকৰ এটা দলে তিনিওৰে ল'লে ডি এন এ টেষ্টৰ নমুনা। হত্যাকাণ্ডৰ সময়ত মৃতদেহত থকা তিনিওৰে হাতৰ ছাপ, অথবা অন্য শৰীৰৰ অংশৰ সৈতে মিলাব ডি এন এৰ ৰিপ’ৰ্ট।
তিনি অভিযুক্তৰ তেজৰ নমুনা সংগ্ৰহ কৰে ফৰেনচিকৰ দলে। উল্লেখযোগ্য যে মৃতদেহৰ সৈতে বহু সামগ্ৰী উদ্ধাৰ কৰিছিল আৰক্ষীয়ে। সোমবাৰে অমৰাৱতী এপাৰ্টমেণ্টত আৰক্ষীয়ে উদ্ধাৰ কৰিছিল তেজৰ চেকুৰা লগা গাৰু অন্যান্য সামগ্ৰী।
সেই সমূহৰ সৈতে তিনিওৰে ডি এন এ টেষ্টৰ মিল পৰে নেকি সেয়া পৰীক্ষা কৰা হ’ব। উল্লেখযোগ্য যে মাতৃ–পুত্ৰক হত্যা কৰি টুকুৰা–টুকুৰ কৰিবলৈ বুকু নকঁপা বন্দনা আৰু অৰূপে ব্লাড লোৱাৰ সময়ত চিঞৰি উঠে।
Published by: Sanjay Kumar Das
FIRST PUBLISHED : February 28, 2023, 15:02 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।