গুৱাহাটীৰ ডাবল মাৰ্ডাৰ কাণ্ডৰ মুখ্য অভিযুক্ত বন্দনা কলিতাৰ জীৱনৰ বহু চাঞ্চল্যকৰ তথ্য পোহৰলৈ আহিছে। NEWS18ৰ সৈতে হোৱা এক সাক্ষাৎকাৰত অমৰ আৰু বন্দনাৰ এজন সহপাঠীয়ে কেইটামান গুৰুত্বপূৰ্ণ তথ্য ফাদিল কৰিলে। ব্যক্তিগৰাকীয়ে জনোৱা অনুসৰি, বন্দনা আৰু তাইৰ মৃত স্বামী অমৰে একেলগে স্কুলীয়া শিক্ষা গ্ৰহণ কৰিছিল। অমৰ–বন্দনা দুয়োয়ে একেলগে নাৰেংগী হাইস্কুলত পঢ়িছিল। কিন্তু নৱম শ্ৰেণীত ফেইল কৰাৰ পিছত অমৰে শিক্ষা জীৱন ত্যাগ কৰিছিল।
ইয়াৰ পিছত বন্দনা কলিতাই SR কলেজত পঢ়িছিল। উক্ত ব্যক্তিজনে জনোৱা অনুসৰি, নৱম শ্ৰেণীৰ পৰা অমৰ–বন্দনাৰ মাজত প্ৰেমৰ সম্পৰ্ক আছিল। সিহঁতৰ মাজত ১৯৯৯ চনৰ পৰাই প্ৰেমৰ সম্পৰ্ক আছিল।
বন্দনা–অমৰৰ সহপাঠীয়ে নিজ মন্তব্যত উল্লেখ কৰে যে, অমৰৰ কাম-কাজৰ কোনো নিশ্চয়তা নাছিল। অমৰৰ মাকৰ অগাধ সম্পত্তি থকাৰ বাবেই তাৰ কামত মন নাছিল।
Published by: Sehnaz Begum
FIRST PUBLISHED : February 25, 2023, 09:33 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।