গুৱাহাটীৰ ডাবল মাৰ্ডাৰৰ ঘটনা সন্দৰ্ভত আজি পুনৰ মেঘালয়ত অসম আৰক্ষীয়ে চলাইছে অভিযান। মাতৃ–পুত্ৰক হত্যা কৰা কলংকিত বন্দনা আৰু দুই সহযোগী অৰূপ দাস আৰু ধনটি ডেকাক লৈ অভিযান চলাইছে আৰক্ষীয়ে। পূৰ্বে শংকৰী দে’ৰ মুণ্ডহীন দেহ আৰু অমৰজ্যোতিৰ দেহৰ কিছু অংশ উদ্ধাৰ কৰিবলৈ সক্ষম হৈছিল আৰক্ষীয়ে। আজি দেহৰ বাকী অংশ বিচাৰি অভিযান চলাইছে মেঘালয়ত।
মেঘালয়ৰ পাহাৰীয়া পথৰ দাঁতিত বহি মূৰে–কপালে হাত দি চাই ৰৈছে বন্দনাই। আনহাতে, পথৰ দাঁতিত আৰক্ষীয়ে অভিযানত নমাইছে অৰূপ আৰু ধনটিক। অভিযানত নীলা পলিথিনৰ কিছু অংশ লাভ কৰা বুলি জানিব পৰা গৈছে। এতিয়ালৈ উদ্ধাৰ হোৱা নাই মৃতদেহৰ অংশ।
Published by: Sanjay Kumar Das
FIRST PUBLISHED : February 25, 2023, 16:06 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।