মুখ্যপৃষ্ঠা »খবৰ »অসম »Guwahati Double Murder : লগত বন্দনা–ধনটি–অৰূপ, অমৰজ্যোতি দে’ৰ মৃতদেহৰ সন্ধানত মেঘালয়লৈ ৰাওনা আৰক্ষীৰ দল

Guwahati Double Murder : লগত বন্দনা–ধনটি–অৰূপ, অমৰজ্যোতি দে’ৰ মৃতদেহৰ সন্ধানত মেঘালয়লৈ ৰাওনা আৰক্ষীৰ দল

বৰ্তমান তিনি অভিযুক্ত আৰক্ষীৰ জিম্মাত আছে। সোমবাৰে ধনটি আৰু অৰূপক আদালতত হাজিৰ কৰাই ৭ দিনৰ জিম্মাত লৈছে আৰক্ষীয়ে।

বৰ্তমান তিনি অভিযুক্ত আৰক্ষীৰ জিম্মাত আছে। সোমবাৰে ধনটি আৰু অৰূপক আদালতত হাজিৰ কৰাই ৭ দিনৰ জিম্মাত লৈছে আৰক্ষীয়ে।

বৰ্তমান তিনি অভিযুক্ত আৰক্ষীৰ জিম্মাত আছে। সোমবাৰে ধনটি আৰু অৰূপক আদালতত হাজিৰ কৰাই ৭ দিনৰ জিম্মাত লৈছে আৰক্ষীয়ে।

  • Share this:
গুৱাহাটী মহানগৰীৰ চাঞ্চল্যকৰ ডাবল মাৰ্ডাৰৰ ঘটনাৰ তদন্ত অব্যাহত আছে (Guwahati Double Murder)। মেঘালয়ৰ পৰা শংকৰী দে’ৰ মৃতদেহ ইতিমধ্যে উদ্ধাৰ কৰিছে আৰক্ষীয়ে। এতিয়াও উদ্ধাৰ হোৱা নাই বন্দনা কলিতাৰ (Bandana Kalita) স্বামী অমৰজ্যোতি দে’ৰ (Amarjyoti Dey) মৃতদেহ। আজি পুৱাই তিনিওজন অভিযুক্তক লগত লৈ মেঘালয়লৈ (Meghalaya) ৰাওনা হয় আৰক্ষীৰ এটা দল। মেঘালয়ত অমৰজ্যোতিৰ মৃতদেহৰ সন্ধানত অভিযান চলাব আৰক্ষীয়ে (Assam Police)।

উল্লেখযোগ্য যে সম্পত্তিৰ লালসাত অন্ধ হৈ বন্দনা কলিতা নামৰ মহিলাগৰাকীয়ে স্বামী আৰু শাহুৱেকক নৃশংসভাৱে হত্যা কৰিছিল। পৰকীয়া প্ৰেমিক ধনটি ডেকা আৰু ধনটিৰ বন্ধু অৰূপ দাসৰ সৈতে মিলি সংঘটিত কৰিছিল এই লোমহৰ্ষক হত্যাকাণ্ড। কিন্তু নিজেই পতা জালত বন্দী হ’ল বন্দনা।

আৰক্ষীয়ে ইতিমধ্যে গ্ৰেপ্তাৰ কৰিছে বন্দনা কলিতা, ধনটি ডেকা আৰু অৰূপ দাসক। তিনিওকে লৈ সোমবাৰে মেঘালয়ত অভিযান চলাই আৰক্ষীয়ে উদ্ধাৰ কৰিছিল বন্দনাৰ শাহুৱেক শংকৰী দে’ৰ মৃতদেহ। চেৰাপুঞ্জীৰ পৰা আৰক্ষীয়ে উদ্ধাৰ কৰিছিল শংকৰী দে’ৰ মৃতদেহ। কিন্তু এতিয়াও উদ্ধাৰ হোৱা নাই বন্দনাৰ স্বামী অমৰজ্যোতিৰ মৃতদেহ। সেয়েহে আজি পুৱাই পুনৰ অভিযান চলাবলৈ মেঘালয়লৈ ৰাওনা হৈছে আৰক্ষীৰ এটা দল।

বৰ্তমান তিনি অভিযুক্ত আৰক্ষীৰ জিম্মাত আছে। সোমবাৰে ধনটি আৰু অৰূপক আদালতত হাজিৰ কৰাই ৭ দিনৰ জিম্মাত লৈছে আৰক্ষীয়ে। উল্লেখযোগ্য যে দুটাকৈ হত্যাকাণ্ড সংঘটিত কৰি আৰক্ষীৰ জালত পৰা বন্দনাৰ মুখত নাছিল কোনো অনুশোচনাৰ ভাৱ। শাহুৱেক শংকৰী দে’ৰ মৃতদেহ উদ্ধাৰ হোৱাৰ পিছত বন্দনাই আৰক্ষীৰ আগত দিছিল হত্যাকাণ্ডৰ ভয়ংকৰ বৰ্ণনা। মুণ্ডহীন অৱস্থাত উদ্ধাৰ হৈছিল শংকৰীৰ দেহ, নাছিল হাতো।

আজি মেঘালয়লৈ ৰাওনা হৈছে আৰক্ষীৰ দল। লগত তিনি অভিযুক্ত। হয়তো আজি উদ্ধাৰ হ’ব পাৰে বন্দনাৰ স্বামী অমৰজ্যোতি দে’ৰ মৃতদেহ। গুৱাহাটী মহানগৰীত সংঘটিত এই লোমহৰ্ষক, নৃশংস হত্যাকাণ্ডৰ ঘটনাই জোকাৰি গৈছে সমগ্ৰ ৰাজ্য।

তোমাৰ চহৰৰ পৰা(গুৱাহাটী)

গুৱাহাটী

শেহতীয়া বাতৰি