মুখ্যপৃষ্ঠা »খবৰ »অসম »Guwahati Murder Update | নিজৰ বিয়াৰ অভ্যৰ্থনাৰ দিনা লকআপত অৰূপ, লকআপতে সাক্ষাৎ কৰি ভগ্নীয়ে দি আহিলগৈ চাহ–বিস্কুট

Guwahati Murder Update | নিজৰ বিয়াৰ অভ্যৰ্থনাৰ দিনা লকআপত অৰূপ, লকআপতে সাক্ষাৎ কৰি ভগ্নীয়ে দি আহিলগৈ চাহ–বিস্কুট

সকলোৰে চকুত অপৰাধী হ’লেও নিজৰ ভাতৃৰ প্ৰতি থকা মৰমৰ বাবেই লকআপতে অৰূপক সাক্ষাৎ কৰিলে ভগ্নীয়ে।

সকলোৰে চকুত অপৰাধী হ’লেও নিজৰ ভাতৃৰ প্ৰতি থকা মৰমৰ বাবেই লকআপতে অৰূপক সাক্ষাৎ কৰিলে ভগ্নীয়ে।

সকলোৰে চকুত অপৰাধী হ’লেও নিজৰ ভাতৃৰ প্ৰতি থকা মৰমৰ বাবেই লকআপতে অৰূপক সাক্ষাৎ কৰিলে ভগ্নীয়ে।

  • Share this:
গুৱাহাটীৰ ডাবল মাৰ্ডাৰৰ ঘটনাৰ অভিযুক্ত অৰূপ দাসৰ আজি বিয়াৰ অভ্যৰ্থনা অনুষ্ঠান আছিল। কিন্তু অৰূপৰ ঘৰত এতিয়া কান্দোনৰ ৰোল। বিয়াৰ অভ্যৰ্থনাৰ দিনটোত অৰূপ থানাৰ লকআপত। বন্দনা কলিতাৰ সৈতে মিলি দুটাকৈ হত্যাকাণ্ডত সহযোগ কৰাৰ অপৰাধত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে অৰূপক। বৰ্তমান নুনমাতি থানাত আছে অৰূপ দাস।

আজি পুৱাই নুনমাটি থানাত উপস্থিত হয় অৰূপ দাসৰ পত্নী আৰু ভগ্নী। লকআপতে অৰূপ দাসক সাক্ষাৎ কৰে তেওঁলোকে। লকআপতে অৰূপক কাপোৰ আৰু ভগ্নীয়ে খাবলৈ দিলে চাহ–বিস্কুট আৰু পৰঠা।

সকলোৰে চকুত অপৰাধী হ’লেও নিজৰ ভাতৃৰ প্ৰতি থকা মৰমৰ বাবেই লকআপতে অৰূপক সাক্ষাৎ কৰিলে ভগ্নীয়ে। উল্লেখযোগ্য যে ডাবল মাৰ্ডাৰৰ (Guwahati Murder) ঘটনাত বন্দ কলিতাৰ সৈতে গ্ৰেপ্তাৰ হৈছিল ধনটি ডেকা আৰু অৰূপ দাস। ২ ফেব্ৰুৱাৰীত বিবাহপাশত আবদ্ধ হোৱা অৰূপৰ আজি আছিল বিয়াৰ অভ্যৰ্থনা অনুষ্ঠান।

তোমাৰ চহৰৰ পৰা(গুৱাহাটী)

গুৱাহাটী

শেহতীয়া বাতৰি