মুখ্যপৃষ্ঠা »খবৰ »অসম »Guwahati Water Supply Projects: জুলাই মাহত মহানগৰবাসীয়ে পাব জাইকাৰ পানী, সংযোগৰ বাবে কিমনা ধন লাগিব জানেনে?

Guwahati Water Supply Projects: জুলাই মাহত মহানগৰবাসীয়ে পাব জাইকাৰ পানী, সংযোগৰ বাবে কিমনা ধন লাগিব জানেনে?

অধ্যক্ষা পঞ্চমী চৌধুৰীয়ে সদৰি কৰা অনুসৰি প্ৰতিটো সংযোগৰ বাবে সংযোগৰ আবেদনৰ বাবদ ৫০০ টকা আৰু ৮০০০ টকা আগধনসহ সৰ্বমুঠ ৮৫০০ টকা দিব লাগিব । 

অধ্যক্ষা পঞ্চমী চৌধুৰীয়ে সদৰি কৰা অনুসৰি প্ৰতিটো সংযোগৰ বাবে সংযোগৰ আবেদনৰ বাবদ ৫০০ টকা আৰু ৮০০০ টকা আগধনসহ সৰ্বমুঠ ৮৫০০ টকা দিব লাগিব । 

অধ্যক্ষা পঞ্চমী চৌধুৰীয়ে সদৰি কৰা অনুসৰি প্ৰতিটো সংযোগৰ বাবে সংযোগৰ আবেদনৰ বাবদ ৫০০ টকা আৰু ৮০০০ টকা আগধনসহ সৰ্বমুঠ ৮৫০০ টকা দিব লাগিব । 

  • Share this:
মহানগৰবাসীৰ বাবে সুখবৰ কঢ়িয়াই আনিছে বহু ৰাষ্ট্ৰীয় নিৰ্মাণ প্ৰতিস্থান জাইকাই । অতি শীঘ্ৰে  পানী সমস্যাৰ পৰা মুক্ত হ'ব মহানগৰবাসী। ডিচেম্বৰ মাহত মুকলি হ'ব উত্তৰ গুৱাহাটী আৰু দক্ষিণ গুৱাহাটী জাইকা পানী প্ৰকল্প।

উত্তৰ গুৱাহাটী জাইকা পানী প্ৰকল্প পৰিদৰ্শনৰ বাবে জাইকাৰ  তিনিগৰাকী জাপানী  প্ৰতিনিধি উত্তৰ গুৱাহাটীত আজি উপস্থিত হয় ।  দিল্লীৰ  পৰা  জাইকাৰ জাপানিজ উচ্ছ স্তৰীয় প্ৰতিনিধি  দলটিয়ে তিনি দনীয়া কাৰ্যসূচীৰে  গুৱাহাটীত উপস্থিত হৈছে । গুৱাহাটীৰ পৰা উত্তৰ গুৱাহাটী মাজগাঁৱৰ জাইকা  প্ৰকল্প পৰিদৰ্শন কৰি সন্তুষ্টি প্ৰকাশ কৰে জাপানৰ প্ৰতিনিধি দলটিয়ে । জাপানীজ প্ৰতিনিধি দলৰ লগত অহা জল ব'ৰ্ডৰ অধ্যক্ষা পঞ্চমী চৌধুৰীয়ে জানিবলৈ দিয়া অনুসৰি দুদিন গুৱাহাটীৰ আটাইকেইটা পানী প্ৰকপ্ল পৰিদৰ্শন কৰে। তৃতীয়টো দিনত জাপানৰ ৰাষ্টদূত আৰু বৈদেশিক পৰিক্ৰমা বিভাগৰ বিষয়া পানী প্ৰকল্প উত্তৰ গুৱাহাটীত উপস্থিত হয় বহুৰাষ্ট্ৰীয় প্ৰতিস্থান জাইকাৰ প্ৰতিনিধি  ক্ৰমে জাপানৰ চাইটো মিটচো নেৰি,  আকানি কেংগু আৰু ওৱাটা নেবু এৰোচো। জলব'ৰ্ডৰ অধ্যক্ষ পঞ্চমী চৌধুৰীৰ সহযোগত প্ৰথমে অশ্বক্লান্ত দেৱালয়ৰ নামনিত নিৰ্মাণৰত নৈৰ পানী উঠোৱা মটৰ সংলগ্ন দলং খন তন্ন তন্নকৈ পৰীক্ষা কৰিলে ।

জল ব'ৰ্ডৰ অধ্যক্ষ পঞ্চমী চৌধুৰীয়ে প্ৰকল্প পৰিদৰ্শন কৰি ক'লে, জুলাই মাহত গুৱাহাটীৰ ১৪টা প্ৰকল্পৰ পৰা পানী যোগান ধৰা হ'ব । ইতিমধ্যে ৯০ শতাংশ কাম সম্পূৰ্ণ হৈছে বুলিও সদৰি কৰিলে পঞ্চমী চৌধুৰীয়ে । ইফালে জাপানীজ প্ৰতিনিধি দলটিয়েও ৯০ শতাংশ কাম পৰীক্ষামুলকভাবে সম্পন্ন হৈছে বুলি কয় ।

অধ্যক্ষা পঞ্চমী চৌধুৰীয়ে সদৰি কৰা অনুসৰি প্ৰতিটো সংযোগৰ বাবে সংযোগৰ আবেদনৰ বাবদ ৫০০ টকা আৰু ৮০০০ টকা আগধনসহ সৰ্বমুঠ ৮৫০০ টকা দিব লাগিব ।  মিটাৰৰ নিৰিখমতে গ্ৰাহকে দিব লাগিব মাচুল । প্ৰতি এহেজাৰ লিটাৰ পানীত  মাত্ৰ ২২ টকা দিব লিগিব । আঠ হাজাৰ আগধনৰ সংযোগ এৰি দিলে তিনি হাজাৰ উভতাই পাব  । মহানগৰবাসীক প্ৰথমে দুঘণ্টাৰ বাবে দিয়া হ'ব পানী ।

পাহাৰৰ ওপৰত বিপদ সংকুলভাবে থকা প্ৰকল্পৰ সুৰক্ষা সম্পৰ্কত সোধা প্ৰশ্নৰ উত্তৰত কলে যে গুৱাহাটী অভিযান্ত্ৰিক প্ৰতিস্থানে বিষয়টো পৰ্যবেক্ষণ কৰি আছে আৰু খহনীয়া প্ৰতিৰোধৰ বাবে কিছু কাম কৰিছে ।  উল্লেখ্য যে স্থানীয় লোকৰ বাধা নেওচি উত্তৰ গুৱাহাটী অশ্বক্লান্ত পাহাৰৰ ওপৰত সজা জাইকাৰ ৰিজাৰ্ভাৰৰ বাবে প্ৰবল খহনীয়া হৈছিল । ৪০৭•৫২ কোটি ব্যয় সাপেক্ষ খোৱাপানী প্ৰকল্পটি বিগত এটা দশক ধৰি জল্পনা কল্পনাৰ মাজত ধুসৰ হৈ পৰিছিল মহানগৰ বাসীৰ সপোন ।

তোমাৰ চহৰৰ পৰা(গুৱাহাটী)

গুৱাহাটী

শেহতীয়া বাতৰি