প্ৰস্তুতি চলিছে ৰঙৰ উৎসৱ ফাকুৱাৰ। ৰঙৰ বজাৰত উপলব্ধ হৈছে ন ন সামগ্ৰী। বাণিজ্যিক প্ৰাণকেন্দ্ৰ ফাঁচী বজাৰত পয়োভৰ ঘটিছে বিভিন্ন সামগ্ৰীৰ। পূৰ্ণ গতিত চলিছে ফাকুৱাৰ প্ৰস্তুতি। বজাৰত উপলব্ধ হৈছে বিভিন্ন প্ৰকাৰৰ ফাকুৰ লগতে, মুখা, পাগুৰি, ফিচকাৰী আদি। এইবাৰ বজাৰত ওলাইছে এবিধ বিশেষ সামগ্ৰী। নাম 'বুম বুম'। কণ কণ শিশুক আকৰ্ষণ কৰিব পৰা মম সদৃশ এই সামগ্ৰী বিধ এইবাৰ নতুনকৈ উপলব্ধ হৈছে। জুই জ্বলাই দিয়াৰ পিছতে মম ডালৰ পৰা ওলায় ৰং।
আনহাতে আন এবিধ সামগ্ৰী হৈছে ৰঙৰ এক্সটিংগুইছাৰ। জুই নুমুৱাবলৈ ব্যৱহাৰ কৰা ফায়াৰ এক্সটিঙগুইছাৰ সদৃশ সামগ্ৰী বিধো এইবাৰ নতুনকৈ উপলব্ধ হৈছে মহানগৰীৰ ফাঁচী বজাৰত। চুইছ টিপিলেই ওলায় ৰঙ। ৰঙৰ পছন্দ অনুসৰি গ্ৰাহকে ক্ৰয় কৰিব পাৰে সামগ্ৰী বিধ। ইয়াৰোপৰি উপলব্ধ হৈছে সৰু আকৃতিৰ এক্সটিঙগুইছাৰ। সাধাৰণতে কণ কণ শিশুক আকৰ্ষণ কৰিব পৰা এনে সামগ্ৰীয়ে গুৰুত্ব লাভ কৰিছে ফাকুৱাৰ বজাৰত। ইয়াৰ লগতে বজাৰত নানান ধৰণৰ মুখা উপলব্ধ হৈছে। উপলব্ধ হৈছে বিভিন্ন প্ৰকাৰৰ ফিচকাৰী, ফেচ মাস্ক, কেপ, পাগুৰি আদি। ফাকুৱাৰ সামগ্ৰী ক্ৰয় কৰিবলৈ বজাৰটো বাঢ়িছে ভিৰ। কিন্তু মূল্যবৃদ্ধি ঘটিছে ৰঙৰ বজাৰত। দাম বাঢ়িছে প্ৰতিবিধ সামগ্ৰীৰে। ইয়াৰ মাজতে ৰঙৰ উৎসৱ উদযাপন কৰিবলৈ সাজু হৈছে সকলো।
আনহাতে এইবাৰ পয়োভৰ ঘটিছে হাৰবেল ৰঙৰ। ছালৰ কোনো ক্ষতি কৰিব নোৱাৰা বিভিন্ন ধৰণৰ হাৰবেল ফাকুৱা উপলব্ধ হৈছে মহানগৰীৰ ফাঁচী বজাৰত। দিল্লী আৰু কলকাতাৰ পৰা অহা বিশেষ সামগ্ৰীৰে ভৰিছে বজাৰ। কিন্তু মূল্যবৃদ্ধিৰ প্ৰভাৱ পৰিছে ৰঙৰ বজাৰত। বিগত বৰ্ষৰ তুলনাত দাম বাঢ়িছে প্ৰতিবিধ সামগ্ৰীৰে। উৎপাদন থলীতে মূল্যবৃদ্ধি হোৱাৰ বাবে সামগ্ৰী সমূহৰ দাম বাঢ়িছে বুলি মন্তব্য কৰে বিক্ৰেতাসকলে। আনহাতে ফাকুৱাৰ সামগ্ৰী কিনিবলৈ বজাৰটো বাঢ়িছে ভিৰ। কণ কণ শিশুকে ধৰি বিভিন্ন লোকে অধিক মূল্যত ক্ৰয় কৰিবলগা হৈছে সামগ্ৰীসমূহ। তথাপিও সকলোৰে মাজত বৃদ্ধি পাইছে ফাকুৱাৰ উৎসাহ।
Published by: Subham Goswami
FIRST PUBLISHED : March 06, 2023, 17:10 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।